লখিমপুৰ,২১ এপ্রিল:ডুবাইত অনুষ্ঠিত হ'বলগীয়া একৈশ সংখ্যক এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব লখিমপুৰৰ আবেদ আলী হাজৰিকাই (21st World Panja Championship) । অহা ২৮ এপ্রিলৰ পৰা ৪ মে'লৈ ডুবাইত অনুষ্ঠিত হ'ব একৈশ সংখ্যক এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপ প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত এছিয়ানৰ মুঠ ৪১ খন দেশে প্ৰতিনিধিত্ব কৰিব (Abed Ali Hazarika participate in World Panja Championship) ।
ভাৰতৰ পৰা এই প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিবলৈ ওলোৱা দলটোৰ অন্যতম হ'ল লখিমপুৰ নগৰৰ ১৩ নং ৱাৰ্ডৰ কমলাবাৰী পথ নিবাসী আবেদ আলী হাজৰিকা (World Panja Championship) । তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাবাৰো পাঞ্জা প্ৰতিযোগিতাত সন্মানিত হোৱাৰ লগতে শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে ।
এইবাৰ তেওঁক ৰাষ্ট্ৰীয় পাঞ্জা ফেডাৰেচনে (National Panja Federation) ডুবাইত অনুষ্ঠিত হ'বলগীয়া একৈশ সংখ্যক এছিয়ান পাঞ্জা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰিছে । এই বতৰাই আবেদ আলী হাজৰিকাক উৎসাহিত কৰিলেও হেঙাৰ হৈ উঠিছে আৰ্থিক সমস্যা । পাঞ্জাৰে এছিয়ান জয় কৰাৰ সপোন বুকুত বান্ধি ৰখা আবেদ আলী য়ে ডুবাইৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাত তেওঁৰ দীর্ঘদিনীয়া সপোনে সাকাৰ ৰূপ পাব বুলি আনন্দত আত্মহাৰা হৈ দুগুণ উদ্যমেৰে অনুশীলন চলাইছিল হাজৰিকাই ।