অসম

assam

ETV Bharat / state

AATSA against AASA president: আছাৰ সভাপতি প্ৰদীপ নাগক হুংকাৰ আটছাৰ - গণ সমাৱেশ

সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে হুংকাৰ সদৌ অসম চাহ জনজাতি ছাত্র সন্থা তথা আটছাৰ ৷ এক গণ সমাৱেশত আটছা আৰু সদৌ অসম চাহ জনজাতি মহিলা সমিতিয়ে প্ৰদীপ নাগক চাহ জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য নকৰিবলৈ সকীয়নি দিয়ে।

AATSA against AASA president
আছাৰ সভাপতি প্ৰদীপ নাগক হুংকাৰ আটছাৰ

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 9:35 PM IST

আছাৰ সভাপতি প্ৰদীপ নাগক হুংকাৰ আটছাৰ

লখিমপুৰ, ২২ আগষ্ট : চাহ জনগোষ্ঠীৰ দুই ছাত্র সংগঠনৰ মুকলি সংঘাত। সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে হুংকাৰ সদৌ অসম চাহ জনজাতি ছাত্র সন্থা তথা আটছাৰ ৷ মঙলবাৰে সন্ধ্যাৰ পূৰ্বে লখিমপুৰত আয়োজন কৰা এক গণ সমাৱেশত আটছা আৰু সদৌ অসম চাহ জনজাতি মহিলা সমিতিয়ে প্ৰদীপ নাগক চাহ জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য নকৰিবলৈ সকীয়নি দিয়ে।

ক্ৰমাৎ চাহ জনগোষ্ঠীৰ দুই ছাত্র সংগঠনৰ মাজত মুকলি সংঘাত স্পষ্ট হৈ পৰিছে। আদিবাসী ছাত্র সন্থা (আছা) ৰ কেন্দ্রীয় সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে হুংকাৰ দি চাহ জনজাতি ছাত্র সন্থাই কয় যে, চাহ জনজাতি সমাজৰ ক্ষতি হ’ব পৰা কাৰ্যৰ পৰা বিৰত থাকক ৷ প্ৰদীপ নাগক দালাল আখ্যা দি তেওঁক সংযত হবলৈ হুংকাৰ দিছে আটছাই।

উল্লেখ্য যে, আছাৰ সভাপতি প্ৰদীপ নাগে চাহ জনগোষ্ঠীক অপমান সূচক মন্তব্য কৰাৰ লগতে বিতৰ্কিত মন্তব্যৰে সমাজ খনত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰা, চৰকাৰী জনজাতিৰ প্ৰমাণ পত্র দাহ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ এই সমাৱেশত সংগঠন দুটাই প্ৰদীপ নাগ মুৰ্দাবাদ, প্ৰদীপ নাগৰ কাম নাই, জাতিৰ দালালি প্ৰদীপ নাগ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

আটছাৰ নেতৃত্বই কয় যে, প্ৰদীপ নাগ এজন ভণ্ড নেতা। ছাত্র সংগঠনৰ কোনো নিৰপেক্ষ স্থিতি নাই প্ৰদীপ নাগৰ। নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বিজেপি, কংগ্রেছে, বিপিএফ আদিৰ দলৰ সৈতে চল চাই মিতিৰালি কৰি হেলিকপ্টাৰত ঘুৰে ভণ্ড নেতাজন। এনে নেতাই চাহ জনগোষ্ঠীক নেতৃত্ব দিয়াৰ প্ৰয়োজন নাই আৰু জনগোষ্ঠীটোৰ মাজত বিভাজন অনাৰ চেষ্টা কৰিলে আটছা বহি নাথাকে বুলি সকীয়নি দিয়ে।

আনহাতে চাহ জনগোষ্ঠীৰ মুঠ ১০৯ টা বিভিন্ন উপজাতিক সামৰি একেলগে জনজাতিকৰণ কৰিবলৈও চৰকাৰক আটছাৰ নেতৃত্বই দাবী জনায়। কেইটামান উপজাতিক জনজাতিকৰণ কৰি বাকীসকলক বঞ্চনা কৰাটো আটছাই নিবিচাৰে বুলিও আটছাৰ নেতৃত্বই সমাৱেশস্থলীৰ পৰা চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক:NPS Employees Protest: অৱসৰ জীৱনৰ সামাজিক সুৰক্ষাৰ দায়িত্ব চৰকাৰে ল’বই লাগিব; অচ্যুতানন্দ হাজৰিকা

ABOUT THE AUTHOR

...view details