অসম

assam

ETV Bharat / state

শিঙৰা নৈৰ অবৈধ বালি কুৱেৰী বন্ধৰ দাবীত আছুৰ মানৱ শৃংখল - Singara river sand mining

বালিৰ অবৈধ খননে নৈপৰীয়া ৰাইজৰ জীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি ৷ শিঙৰা নৈত স্থাপন কৰা বালি কুৱেৰী বন্ধ কৰা আৰু গড়কাপ্তানি পথ নিৰ্মাণৰ দাবীত নাওবৈচাত মানৱ শৃংখল কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ কৰিলে উত্তৰ লখিমপুৰ ছাত্র সন্থাই ৷

aasu-protests-over-illegal-sand-mining
শিঙৰা নদীৰ অবৈধ বালি কুৱেৰী বন্ধৰ দাবীত আছুৰ মানৱ শৃংখল

By

Published : Jun 11, 2021, 11:25 AM IST

নাওবৈচা, 11 জুন :শেহতীয়াকৈ লখিমপুৰ জিলাৰ বন বিভাগৰ আশীৰ্বাদত মাইনিং পাৰ্মিতৰ গইনা লৈ জিলাখনত একাংশ মহলদাৰে বনজ সম্পদৰ লুণ্ঠনৰাজ চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে । নিয়ম অনুসৰি, মাইনিং পাৰ্মিতৰ বিপৰীতে সংগ্ৰহ কৰা শিল-বালি কেৱল সংশ্লিষ্ট বিভাগে অনুমোদন কৰা নিৰ্মাণ কাৰ্যত হে ব্যৱহাৰ কৰিব লাগে যদিও, এনে পাৰ্মিতৰ গইনা লৈ জিলাখনত বনজ সম্পদৰ চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে এচাম মহলদাৰে ৷

শেহতীয়াকৈ জিলাখনৰ নাওবৈচাৰ শিঙৰা নৈত মাইনিং পাৰ্মিতৰ জৰিয়তে এটি বালি কুৱেৰী স্থাপন কৰি ব্যাপকভাৱে বালি সৰবৰাহ কৰি মহলদাৰ সকলে অঞ্চলটোত চলাই গৈছে বনজ সম্পদৰ ৰমৰমীয়া ব্যৱসায় । ইয়াৰ ফলত চৰকাৰে হেৰুৱাই আহিছে বুজন অংকৰ ৰাজহ।

শিঙৰা নৈৰ অবৈধ বালি কুৱেৰী বন্ধৰ দাবীত আছুৰ মানৱ শৃংখল

ইয়াৰোপৰি শিঙৰা নৈৰ বালি কুৱেৰীৰ পৰা দিনে নিশাই ডাম্পাৰ আৰু ট্ৰেক্টৰে বালি সৰবৰাহ কৰি থকাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ'লহাট বজাৰ সংযোগী ব্যস্তময় গড়কাপ্তানি পথটো দিনক দিনে বিধ্বস্ত হৈ পৰাত অঞ্চলটোৰ অৰ্দ্ধ শতাধিক লোকে যাতায়াত কৰা ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে । ইয়াৰ উপৰিও পথটোত দীৰ্ঘদিন ধৰি সংঘটিত হৈ আহিছে দুৰ্ঘটনা।

ইফালে, দীৰ্ঘদিন ধৰি শিঙৰা নৈৰ বালি কুৱেৰী বন্ধ কৰা আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দলহাট সংযোগী গড়কাপ্তানি পথটো মেৰামতি তথা পুনৰ নিৰ্মান কৰিবলৈ ফুলবাৰী আঞ্চলিক ছাত্র সন্থাই দাবী জনাই আহিছিল যদিও, বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে ছাত্র সন্থা কৰ্মীসকল ৰাজপথত আহি আন্দোলন কৰিবলৈ বাধ্য হয় ।

উত্তৰ লখিমপুৰ ছাত্র সন্থাই ফুলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সহযোগত উক্ত বিষয়দুটাক লৈ মানৱ শৃংখল (human chain protest) কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৰ অৰ্দ্ধ শতাধিক ছাত্রকৰ্মীয়ে দ'লহাট বজাৰ সংযোগী গড়কাপ্তানি পথটো অৱৰোধ কৰি বালি কুৱেৰী বন্ধ কৰক, সাধাৰণ জনতাক নিৰাপত্তা দিব নোৱাৰা জিলা প্ৰশাসন হায় হায় , দলহাট সংযোগী গড়কাপ্তানি পথ মেৰামতি কৰক, বন বিভাগ হায় হায়, গড় কাপ্তানি বিভাগ গ' বেগ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

ছাত্ৰকৰ্মীসকলে অভিযোগ কৰা মতে, ছাত্র সন্থাই দীৰ্ঘ দিনৰে পৰা স্থানীয় ৰাইজৰ সহযোগত উক্ত পথটো মেৰামতি তথা পুনৰ নিৰ্মাণ কৰিবলৈ জিলা উপায়ুক্তক আবেদন কৰি আহিছিল যদিও বিভাগে আজিলৈকে পথটোৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । তদুপৰি বন বিভাগে মাইনিং পাৰ্মিতৰ দ্বাৰা শিঙৰা নৈত ঘন জনবসতি অঞ্চলত বালি কুৱেৰী স্থাপন কৰিবলৈ দি বনজ সম্পদৰ লুণ্ঠনৰ বাবে লাইচেঞ্চ প্ৰদান কৰিছে আৰু উক্ত বালি কুৱেৰীৰ পৰা দিনে নিশাই ডাম্পাৰ-ট্ৰেক্টৰ বালি সৰবৰাহ কৰাত পথটো অধিক শোচনীয় হৈ পৰিছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ছাত্ৰকৰ্মী সকলে ।

আনহাতে, অতি শীঘ্ৰে বালি কুৱেৰী বন্ধ কৰাৰ লগতে পথটো মেৰামতিৰ দাবী জনায় আজি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । লখিমপুৰ জিলা প্ৰশাসনে উক্ত বিষয় দুটাত গুৰুত্ব প্ৰদান নকৰে তেনেহলে ইয়াতকৈও অধিক জংঘী আন্দোলন গঢ়ি তুলিব বুলি সংগঠনটোৱে হুংকাৰ দিয়ে ।

লগতে পঢ়ক:বৰপেটাৰ পল্লা নৈত পৰি কিশোৰী সন্ধানহীন

ABOUT THE AUTHOR

...view details