অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত আছুৰ প্ৰতিবাদ - ক'ভিড প্ৰ'টকল

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে যোগান বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীৰ ৷

AASU protest in Narayanpur
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত আছুৰ প্ৰতিবাদ

By

Published : Aug 14, 2021, 10:30 AM IST

বিহপুৰীয়া, 14 আগষ্ট :দেশ তথা ৰাজ্যত সামগ্ৰিকভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ অভাৱনীয় হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত বিপাঙত পৰিছে সাধাৰণ ৰাইজ ৷ কাল কৰ’ণাৰ ফলত ৰাজ্য চৰকাৰে জাৰি কৰা লক ডাউনত ইতিমধ্য়ে বিধ্বস্ত হৈছে দেশৰ অৰ্থনীতি ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত আছুৰ প্ৰতিবাদ

এনে অৱস্থাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত বাৰুকৈয়ে কোঙা হৈ পৰিছে দেশৰ জনতা ৷ মূল্যবৃদ্ধি ৰোধৰ হকে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগান বিভাগৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন দল-সংগঠন বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাই ভিন্ন প্ৰান্তত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা পৰিলক্ষিত হৈছে ৷

শুকুৰবাৰে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ বেদীৰ সন্মুখত মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক:অসমতে উপলব্ধ হ'ব কৰ্কট ৰোগৰ বিনামূলীয়া অত্যাধুনিক চিকিৎসা

শেহতীয়াকৈ ৰাজ্যত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত যোগান বিভাগৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, ৰাজ্য চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায় ইত্যাদি শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷

যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লেখ্য যে, ক'ভিড প্ৰট’কল মানি সংগঠনটোৰ অৰ্ধ শতাধিক সদস্যই উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ যদি চৰকাৰ তথা যোগান বিভাগে এইক্ষেত্ৰত অতি শীঘ্ৰে উচিত পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত ছাত্ৰ সন্থাই অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:সৰুপথাৰত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details