বিহপুৰীয়া,19 ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত নাৰায়ণপুৰত আছুৰ বিক্ষোভ । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাৰায়ণপুৰ আঞ্চলিক সমিতিয়ে নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত শ্বহীদ বেদীৰ সন্মুখত খাদ্য সামগ্ৰীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনায়।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত আছুৰ বিক্ষোভ - সদৌ অসম ছাত্ৰ সন্থা
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাৰায়ণপুৰ আঞ্চলিক সমিতিয়ে নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত শ্বহীদ বেদীৰ সন্মুখত খাদ্য সামগ্ৰীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত আছুৰ বিক্ষোভ
প্ৰতিবাদকাৰী সকলে বি জে পি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, যোগান বিভাগ হায় হায়, আদি শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত আছুৰ নাৰায়ণপুৰ আঞ্চলিক সমিতি সভাপতি ৰাজদ্বীপ গগৈ আৰু সম্পাদক সৌৰভ বসুমতাৰীৰ লগতে বহু সংখ্যক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক:ৰাজ্যৰ বিভিন্ন প্ৰান্তত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ