লক্ষিমপুৰ, 24 জানুৱাৰী:ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দেওবাৰে লখিমপুৰত সদৌ অসম ছাত্ৰ সন্থা (আছু) ৰ সদস্য সকলে 'কা' (নাগৰিকত্ব সংশোধনী আইন) বাতিলৰ দাবীৰে ক’লা পতাকা উত্তোলন কৰাৰ লগতে 'কা' ৰ প্ৰতিলিপি দাহ কৰে ৷ নাগৰিকত্ব সংশোধনী আইনখনক এখন জাতিধ্বংসী ক'লা আইন হিচাপে আখ্যা দি প্ৰতিবাদকাৰী সকলে কয় যে এই আইন বাতিল কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিব ৷
দেওবাৰে লখিমপুৰৰ নাৰায়ণপুৰ আৰু মধুপুৰত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰা আৰু ইআইএ বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাই নাৰায়ণপুৰ নগৰৰ মাজমজীয়াত ক'লা পতাকা উত্তোলন কৰে ৷ ঠিক একেদৰে পিছলা আঞ্চলিক ছাত্র সন্থায়ো মধুপুৰত একেই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷