লখিমপুৰ, ১৪ আগষ্ট :দেশত অব্যাহত আছে কৰ'ণাৰ (Corona) সংহাৰ । বিগত প্ৰায় দুটা বছৰ ধৰি একপ্ৰকাৰ সকলো ক্ষেত্ৰতে মহামাৰীয়ে প্ৰভাৱ পেলাইছে । সংস্থাপন হেৰুৱাই আৰ্থিকভাৱেও বহু লোক দুৰ্বল হৈ পৰিছে ।
কিন্তু ইয়াৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যথেষ্ট দাম বাঢ়িছে । পেট্ৰ'ল, ডিজেলৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য প্ৰায়বোৰ সামগ্ৰীৰে এতিয়া আকাশলংঘী মূল্যবৃদ্ধি (Price hike) । যাৰ বাবে বিপদত পৰিছে সৰ্বসাধাৰণ । দুবেলা-দুমুঠি খাবলৈও চিন্তা কৰিবলগীয়া হৈছে বহু লোকে ।
সৰ্বসাধাৰণ লোকৰ এই সমস্যাৰ বাবে দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । শুকুৰবাৰে লখিমপুৰ জিলাত সদৌ অসম ছাত্ৰ সন্থাই (All Assam Student Union) মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্বৰূপে আছুৱে (AASU) মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।