বিহপুৰীয়া, 6 মে’: ধেমাজিৰ-লখিমপুৰ সীমামূৰীয়া অঞ্চল গোগামুখৰ থেকেৰাগুৰিত সংঘটিত হোৱা কণমানি ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক লৈ সৰৱ হৈ উঠিছে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সংগঠন আছু ৷ উল্লেখ্য যে, মঙলবাৰে আবেলি ভাগত ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনো লোকে গোগামুখ শংকৰদেৱ শিশু নিকেতনৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰি ঘৰৰ ভিতৰত গামোচাৰে ওলমাই থৈ যোৱা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে ৷
এই ঘটনাৰ ধিক্কাৰ প্ৰদান কৰাৰ লগতে কণমানিজনীৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰিছে ৰাইজৰ লগতে আছুৱে ৷ সেয়েহে বৃহস্পতিবাৰে গোগামুখ আছুৱে কণমানিজনীৰ মৃত্যুৰ তদন্ত বিচাৰি ‘মানৱ শৃংখল’ কাৰ্যসূচী ৰূপায়ণ কৰে ।