নিউজ ডেস্ক, 7 এপ্ৰিল :মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে (Protest against price hike) ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা ছাত্ৰ সন্থাসমূহেও মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰী, শাক-পাচলি, ইন্ধন, ৰন্ধন গেছ, ঘৰ সজা সামগ্ৰী, প্ৰায় 800 বিধ ঔষধ আদিকে ধৰি বিভিন্ন সামগ্ৰীৰ বিগত কিছুদিনৰ পৰাই অভাৱনীয়ভাৱে মূল্য বৃদ্ধি হৈ আহিছে ৷ বুধবাৰে ৰাজ্যৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই এই অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ(AASU protest against Price hike) ৷
উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন(Lakhimpur aasu protest against price hike) কৰে ৷ ৰাজ্য চৰকাৰৰ বিয়াগোম যোগান বিভাগ, চৰকাৰ বিৰোধী শ্ল’গানেৰে মূল্যবৃদ্ধি ৰোধৰ দাবী জনায় আছুৰ কৰ্মকৰ্তাসকলে ৷ তদুপৰি ৰাজ্য চৰকাৰ আৰু যোগান বিভাগৰ অস্তিত্ব সম্পৰ্কতো প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ এই বিষয়ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আছুৰ প্ৰতিবাদী সদস্যসকলে ৷
যোৰহাটতো আছুৰ কৰ্মকৰ্তাসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ(Jorhat aasu protest against price hike) ৷ প্ৰতিবাদকাৰীসকলে ৰঙালী বিহুৰ প্ৰাকক্ষণত বজাৰত জুই লগা বুলি মন্তব্য কৰে ৷ সাধাৰণ জনতাৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ কথা উনুকিয়াই যোৰহাট আছুৰ সদস্যসকলে ক্ষোভেৰে কয় যে, সাধাৰণ ৰাইজে সন্মুখীন হোৱা সমস্যাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰে কুম্ভকৰ্ণৰ ভাও গ্ৰহণ কৰি আছে ৷ মূল্যবৃদ্ধি প্ৰতিৰোধ নকৰা পৰ্যন্ত আছুৱে চৰকাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷