নাৰায়ণপুৰত এনএইচপিচিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
উচ্চতম ন্যায়ালয়ক অমান্য কৰি পুনৰ এনএইচপিচিৰ দ্বাৰা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে নাৰায়ণপুৰত আঞ্চলিক ছাত্ৰ সন্থাই এনএইচপিচিৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
লখিমপুৰ, 7 জুন: নাৰায়ণপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৷ উচ্চতম ন্যায়ালয়ক অমান্য কৰি পুনৰ এনএইচপিচিৰ দ্বাৰা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে নাৰায়ণপুৰত আঞ্চলিক ছাত্ৰ সন্থাই এনএইচপিচিৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এনএইচপিচিৰ লগতে নদীবান্ধটোৰ সম্পৰ্কত সপক্ষে যুক্তি দিয়া অৰুণাচল চৰকাৰ আৰু প্ৰদেশখনৰ ৰাজ্যপালকো তীব্ৰ ভাষাৰে গৰিহণা জনাই সংগঠনটোৱে ৷ আনহাতে, লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাই শুকুৰবাৰে জিলাখনৰ প্ৰতিটো আঞ্চলিকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷