লখিমপুৰ,২৭ ফেব্ৰুৱাৰী:সুৰা কেলেংকাৰীৰে জড়িতৰ গোচৰত (Delhi liquor scam case) দিল্লীৰ উপ-মুখ্যমন্ত্রী মনীষ চিছোদিয়াক দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় । মন্ত্রীগৰাকীৰ গ্ৰেপ্তাৰৰ পাচতে আম আদমি পাৰ্টিয়ে প্ৰকাশ কৰে তীব্ৰ প্ৰতিক্ৰিয়া । ষড়যন্ত্রমূলকভাৱে মনীষ চিছোদিয়াক (Delhi Deputy Chief Minister Manish Sisodia ) গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি AAP এ বিনাচৰ্তে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ মুক্তিৰ দাবী জনায় । উপ-মুখ্যমন্ত্ৰীগৰাকীৰ মুক্তিৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তত AAP ৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে (AAP protests across India) । সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্ততো AAP ৰ কৰ্মকৰ্তাসকলে মনীষ চিছোদিয়াৰ মুক্তিৰ দাবী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (AAP protests in Lakhimpur) ।
সোমবাৰে লখিমপুৰত আপৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিবাদী সমদল উলিয়াই, ধৰ্ণা দি বিজেপি চৰকাৰ, চিবিআইক গৰিহণা দি বিনাচৰ্তে মনীষ চিছোদিয়াক মুক্তিৰ দাবী উত্থাপন কৰে (AAP protests demanding release of Manish Sisodia in Lakhimpur) । লখিমপুৰ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি আহি আপৰ কৰ্মকৰ্তা সকলে উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত ধৰ্ণা দি পৰিৱেশ উত্তাল কৰি তোলে । কাৰ্যালয়টোৰ গেটত বহি পৰি আপৰ কৰ্মকৰ্তা সকলে বহু সময় ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (Manish Sisodia controversy) ।