অসম

assam

ETV Bharat / state

AAP protest in Lakhimpur: বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীৰে লখিমপুৰত আপৰ প্ৰতিবাদ - APDCL

ৰাজ্যজুৰি বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীৰে আপ আদমী পাৰ্টীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ লখিমপুতো আম আদমী পাৰ্টীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ পুঁজিপতিক বিদ্যুৎ মাচুল ৰেহাই দিয়া বন্ধ কৰা, APDCLৰ দুৰ্নীতি বন্ধ কৰা আদীৰ দাবী আপৰ ৷

AAP protest in Lakhimpur
বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীৰে লখিমপুৰত আপৰ প্ৰতিবাদ

By

Published : Jan 12, 2023, 4:06 PM IST

বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীৰে লখিমপুৰত আপৰ প্ৰতিবাদ

লখিমপুৰ, 12 জানুৱাৰী: বৰ্ধিত বিদ্যুৎ মাচুল ৰোধ কৰাৰ দাবীৰে বৃহস্পতিবাৰে আম আদমি পাৰ্টীয়ে ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী(AAP protest in Lakhimpur) ৷ লখিমপুৰ জিলাতো আপে সাব্যস্ত কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ লখিমপুৰতো কে বি ৰোডত থকা বিদ্যুৎ বিতৰণ কাৰ্য্যালয়ৰ চৌহদত আপে সাব্যস্ত কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

বৰ্ধিত বিদ্যুৎ মাচুল ৰোধ কৰাকে ধৰি পুঁজিপতিক বিদ্যুৎ মাচুল ৰেহাই দিয়া নচলিব, এ পি ডি চি এলৰ(Assam Power Distribution Company Limited) দুৰ্নীতি নচলিব, শক্তিমন্ত্ৰী হুচিয়াৰ,অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, নিৰ্বাচনৰ আগৰ বিনামূল্যে বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি কি হ’ল, আদি শ্লোগানেৰে উত্তাল কৰি তোলে ধৰ্ণাস্থলী(Protest against electricity bill hike) ৷ প্ৰতিবাদস্থলীত আপৰ কাৰ্যকৰ্তা সকলে ক্ষোভ প্ৰকাশ কৰি কয় যে, বিগত বৰ্ষৰ জুলাই-আগষ্ট মাহৰ পৰা এপিডিচিএলে স্বেচ্ছাচাৰিতাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰি 67 লাখ গ্ৰাহকক মাধমাৰ শোধাইছে ।

বৰ্ধিত বিদ্যুৎ মাচুল ৰোধৰ দাবীৰে পূৰ্বে হোৱা প্ৰতিবাদৰ বাবে বিভাগীয় মন্ত্ৰীয়ে(Power Department Assam) এখন সমিতি গঠন কৰাৰ লগতে বৃদ্ধি হোৱা বিদ্যুৎ মাচুল পৰৱৰ্তী বিলৰ সৈতে সংলগ্ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সেই ব্যৱস্থা আজিলৈকে নকৰিলে ৷ এই অভিযোগ উত্থাপন কৰিছে আপৰ কাৰ্যকৰ্তাসকলে ৷ বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ বিপৰীতে চলিত মাহৰ পৰা প্ৰতি ইউনিটত ৩০ পইচাকৈ পুনৰ মাচুল বৃদ্ধিহে কৰিলে বুলি কয় আপৰ কৰ্মীসকলে ৷

এপিডিচিএল(APDCL) য়ে দুৰ্নীতি আৰু অপচয় ৰোধ কৰিব নোৱাৰাৰৰ লগতে বৃহৎ উদ্যোগগোষ্ঠীক বিদ্যুৎ চুৰিৰ সুযোগ দি ইয়াৰ ফলত সন্মুখীন হোৱা লোকচানৰ জোৰা মাৰিবলৈ সাধাৰণ গ্ৰাহকৰ মুৰত ৰাম টাঙোন মাৰিছে বুলিও অভিযোগ আপৰ । বৃহৎ পুঁজিপতি গোষ্ঠীক কোটি কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই দি এপিডিচিএলে জনবিৰোধী কাৰ্য্যত লিপ্ত হোৱাৰো অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে(AAP protest against APDCL) ।

এই সন্দৰ্ভত উপায়ুক্তৰ জড়িয়তে ৰাজ্যৰ শক্তিমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আপে । স্মাৰক পত্ৰখনত বৰ্ধিত বিদ্যুৎ মাচুল ৰোধ কৰা, ইতিমধ্যে বৰ্ধিত হাৰত সংগ্ৰহ কৰা বৰ্ধিত বিদ্যুৎ মাচুল উভতাই দিয়া অথবা পৰৱৰ্তী বিলত সংলগ্ন কৰা, বৃহৎ পুঁজিপতি গোষ্ঠীক কোটি কোটি টকা বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ দুৰ্নীতিৰ তদন্ত কৰা, এপিডিচিএলে সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি কৰা কাৰ্য বন্ধ কৰা, স্মাৰ্ট মিটাৰৰ নামত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰাৰ দাবী জনায়(Aam Admi Party Assam) ।

এই প্ৰতিবাদী কাৰ্য্যসূচীত আপৰ লখিমপুৰ জিলা সমিতিৰ সমন্বয়ক স্বপ্না বৰুৱা, জিলা সম্পাদক মুকুট গগৈ, সাংগঠনিক সম্পাদক ৰাজীৱ দত্তকে ধৰি কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details