অসম

assam

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 8:47 PM IST

ETV Bharat / state

North Lakhimpur jail incident: কয়দীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে কয়দীয়ে, আমছুৰ প্ৰতিক্ৰিয়া

লখিমপুৰ জিলা কাৰাগাৰত সহকয়দীৰ আক্ৰমণত আব্দুল মোতালিব নামৰ কাৰাবন্দীটো মৃত্যু হোৱাৰ পিচতে এতিয়া জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনাটোৰ সঠিক তদন্তৰ লগতে মৃতকৰ পৰিয়ালক এককালীন সাহায্য দিয়াৰ দাবী জনাইছে আমছুৱে ৷

North Lakhimpur jail incident
কয়দীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে সহকয়দীয়ে, আমছুৰ প্ৰতিক্ৰিয়া

কয়দীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে সহকয়দীয়ে, আমছুৰ প্ৰতিক্ৰিয়া

লখিমপুৰ, ৩ নৱেম্বৰ :লখিমপুৰ জিলা কাৰাগাৰকাণ্ডই সকলোকে হতভম্ব কৰিছে । যোৱা 29 অক্টোবৰত উত্তৰ লখিমপুৰ জিলা কাৰাগাৰত এটা কয়দীয়ে চাৰি কয়দীক আক্ৰমণ কৰিছিল ৷ এই ঘটনাত চাৰি কয়দী আহত হৈছিল যদিও ইয়াৰে এটা কয়দী গুৰুতৰভাৱে আহত হৈছিল ৷ গুৰুতৰভাৱে আহত আব্দুল মোতালিব নামৰ কাৰাবন্দীটোক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে পুৱা অৰ্থাৎ আজি মৃত্যু হয় কয়দী আব্দুলৰ ৷

এই ঘটনাৰ পিচতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম সংখ্যা লঘু ছাত্র ইউনিয়ন-আমছুৰ লখিমপুৰ জিলা সমিতিয়ে । সমিতিয়ে ঘটনাটোৰ সঠিক তদন্তৰ লগতে মৃতকৰ পৰিয়ালক এককালীন সাহায্য দিয়াৰ দাবী জনাইছে । আমছুৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হাফাছউদ্দিন আহমেদে কয় যে, ঘটনাটোক আমছুৱে সহজভাৱে মানি ল’ব পৰা নাই । ঘটনাটোৰ গৰিহণা দি তেওঁ গৃহ বিভাগৰ লগতে মুখ্যমন্ত্রীৰ পোনপটীয়া হস্তক্ষেপ দাবী কৰে ।

লগতে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক ফাষ্ট ট্ৰেক আদালতত শাস্তি দিয়াৰ লগতে মৃতকৰ পৰিয়ালক ২৫ লাখ টকা এককালীন সাহায্য দিয়াৰো দাবী জনায় । অন্যথা আমছুৱে আন্দোলনৰ পথ ল’ব বুলিও স্পষ্ট কৰি দিয়ে ৷

উল্লেখ্য যে, দেওবাৰে নিশা আবুল কালাম নামৰ কয়দীটোৱে আব্দুল মোতালিব, ৰুহুল আমিন, আজিজুৰ ৰহমান আৰু জয়নাল আবেদিন নামৰ কাৰাবন্দীকেইটাক শোৱাপাটীতে আক্ৰমণ কৰিছিল । আবুলে আজিজুৰ ৰহমানৰ মূৰত আঘাত কৰাৰ লগতে, আব্দুল মোতালিব ওৰফে চিমাইন্নাকোৰ মূৰত শিলেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৷ ততালিকে সংকটজনক অৱস্থাত চিমাইন্নাক ভৰ্তি কৰা হৈছিল AMCH ত । অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আব্দুলে ৷ ইয়াৰ পিচতে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা মৃতদেহটো লখিমপুৰলৈ লৈ আনে ৷

লগতে পঢ়ক:Prisoner fight: কাৰাগাৰৰ কুঠৰীত তয়াময়া ৰণ, 5 দিনৰ অন্তত নিয়তিৰ ওচৰত হাৰ মানিলে আব্দুলে

ABOUT THE AUTHOR

...view details