লখিমপুৰ, 16 অক্টোবৰ :লখিমপুৰৰ বঙালমৰাত সংখ্যালঘু ছাত্র সন্থা চমুকৈ আমছুৰ প্ৰতিবাদ ৷ পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷ উল্লেখ্য যে, নাওবৈচা সমষ্টিৰ বিশেষকৈ বঙালমৰাৰ প্ৰায়বোৰ পথৰে অৱস্থা তথৈবচ । সেয়ে ছাত্র-ছাত্রী, পথচাৰীয়ে যাতায়তৰ নামত ভুগিছে অৱৰ্ণনীয় পৰিস্থিতিৰ ।
বছৰ বছৰ ধৰি ৰাইজে এনে যমৰ যাতনা ভোগ কৰি অহাৰ পাচতো কাণসাৰ নাই বিধায়ক, সাংসদ অথবা লোকনিৰ্মাণ বিভাগৰ ৷ সেয়ে পথ মেৰামতিৰ দাবীত সোমবাৰে বঙালমৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভৰত নৰহৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷
‘‘সংখ্যালুঘ অঞ্চলত চৰকাৰে পথ মেৰামতি কৰা নাই ৷ ধৰ্মৰ নামত ৰাজনীতি কৰিছে বিজেপিয়ে ৷ সংখ্যলঘু অঞ্চলৰ উন্নয়নৰ বাবে কোনো পদক্ষেপ নলয় চৰকাৰে ৷ বিগত 10 বছৰৰ পৰা বৰ্তমানলৈকে বিজেপি চৰকাৰে লখিমপুৰৰ বঙালমৰাত কোনো পথ মেৰামতি নকৰাৰ বাবে বিধ্বস্ত হৈছে বাট-পথসমূহ ৷ এই কথা সাংসদ, বিধায়কক অৱগত কৰিলে কোনো গুৰুত্বই প্ৰদান নকৰে ৷’’ এই মন্তব্য প্ৰতিবাদকাৰী আমছু নেতাৰ ৷