লখিমপুৰ, 30 মে': কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা কাৰ্যৰ পূৰ্ণ বিৰোধিতা কৰি সংবাদমেলৰ আয়োজন কৰে আমছুয়ে ৷ লখিমপুৰ জিলাৰ আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয় যে, চৰকাৰৰ এই সিদ্ধান্ত বৰ্তমান সময়ৰ পৰিপন্থী ।
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া : বিৰোধিতা আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ - সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া
লকডাউনৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ ৷ লখিমপুৰত সংবাদমেলৰ আয়োজন ৷
দেশৰ জটিল সময়ত ভাৰত চৰকাৰে অসমৰ দৰে সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা দিয়াটোৱেই অনুচিত বুলি মন্তব্য কৰে আজিজুৰ ৰহমানে । যি সময়ত প্ৰথম পর্যায়ৰ লোকপিয়ল তথা NPR প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া স্থগিত কৰিছে সেই সময়ত সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া চলি আছে । এনে জটিল সময়ত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ কাম বন্ধ কৰাৰ আহ্বান ৰহমানৰ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকা যোৱা ৩১ আগষ্ট, ২০১৯ তাৰিখে প্ৰকাশ কৰিছে যদিও ১৯ লাখতকৈ অধিক লোকৰ সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই । বিদেশী ন্যায়াধীকৰণে এই লোক সমূহৰ ভাগ্য নিৰ্ধাৰণ কৰিব । চৰকাৰে এতিয়ালৈকে এই ১৯ লাখতকৈ অধিক লোকৰ বাবে আপীলৰ ব্যৱস্থা কৰা নাই । গতিকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ কৰিহে সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰাৰ দাবী তোলে সংবাদমেলত ।
উপদেষ্টা গৰাকীয়ে কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নাগৰিকত্ব আইন সংশোধন কৰি অসমৰ দৰে সমস্যাৰে ভৰপূৰ ৰাজ্যত বিদেশীৰ বোজা জাপি দিব বিচাৰিছে ৷ নাগৰিকত্ব আইনৰ সংশোধনীক বাতিল কৰাৰ বাবে প্ৰায় ১৬০ খন আবেদন মাননীয় উচ্চতম ন্যায়ালয়ত বিভিন্ন পক্ষই দাখিল কৰিছে । উক্ত আবেদন সমূহৰ চূড়ান্ত ৰায়দানৰ পূৰ্বে সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰা অনুচিত বুলি অভিহিত কৰি চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায় আজিজুৰ ৰহমানে ৷