অসম

assam

ETV Bharat / state

লখিমপুৰৰ ঘূনাসুঁতিত কেন্দ্ৰীয়ভাৱে উদযাপন আলি আয়ে লৃগাং - ঘূনাসূতী

বুধবাৰে লখিমপুৰৰ ঘূনাসুঁতিত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় আলি আয়ে লৃগাং ৷ মিচিং জনগোষ্ঠীৰ অতি হেপাহৰ আলি আই লৃগাঙত উপস্থিত থাকি অভিভূত মুখ্যমন্ত্ৰী সোণোৱাল ৷

লখিমপুৰ
লখিমপুৰৰ ঘূনাসুঁতিত কেন্দ্ৰীয়ভাৱে উদযাপন আলি আয়ে লৃগাং

By

Published : Feb 19, 2020, 11:52 PM IST

লখিমপুৰ, 19 ফেব্ৰুৱাৰীঃ লখিমপুৰৰ ঘূনাসুঁতিত বুধবাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু লখিমপুৰ জিলা প্ৰশাসনৰ লগতে ঘূনাসুঁতিৰ ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় আলি আয়ে লৃগাং । অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

লখিমপুৰৰ ঘূনাসুঁতিত কেন্দ্ৰীয়ভাৱে উদযাপন আলি আয়ে লৃগাং

মিচিং জনগোষ্ঠীৰ অতি হেপাহৰ আলি আই লৃগাঙত উপস্থিত থাকি অভিভূত মুখ্যমন্ত্ৰী সোণোৱাল । অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সোনোৱালে কয়, ৰাজ্য চৰকাৰে দুৰ কৰিব ৰাইজৰ সমস্যা । বিশেষকৈ ঘাগৰৰ নদীৰ ওপৰত দলং নিৰ্মাণ কৰি ঘূনাসূঁতী ৰাইজৰ যাতায়তৰ সমস্যা সমাধান কৰা হ'ব ।

লখিমপুৰৰ ঘূনাসুঁতিত কেন্দ্ৰীয়ভাৱে উদযাপন আলি আয়ে লৃগাং

লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা শীঘ্ৰে ঘূনাসুঁতিত প্ৰায় 20 লাখ টকাৰে নিৰ্মাণ কৰা হ'ব প্ৰয়াত সাহিত্যিক, বুদ্ধিজীৱী আবু ৰাম টাইডৰ প্ৰতিমূৰ্তি । মুখ্যমন্ত্ৰীৰ পুঁজিৰে নিৰ্মাণ কৰা হ'ব প্ৰতিমূৰ্তিটো ৷

লখিমপুৰৰ ঘূনাসুঁতিত কেন্দ্ৰীয়ভাৱে উদযাপন আলি আয়ে লৃগাং

আনহাতে, অনুষ্ঠানত বিভিন্ন শিতানত সম্বৰ্ধনা জনোৱা হয় মিচিং জনগোষ্ঠীৰ নাম উজ্জল কৰা ১০ গৰাকী ব্যক্তিক । অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত থাকে মন্ত্ৰী নৱ দলে, লখিমপুৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক উৎপল দত্ত ৷

আৰু পঢ়কঃ যুৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তিঃ পৰিত্ৰাণ কেনেকৈ ?

ABOUT THE AUTHOR

...view details