লখিমপুৰ, 3 চেপ্তেম্বৰ:বিগত 4 বছৰে নিজ পুত্ৰক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে এহাল অসহায় পিতৃ-মাতৃয়ে ৷ কিয়নো বিগত 4 বছৰে নিৰুদ্দেশ হৈ আছে তেওঁলোকৰ একমাত্ৰ পুত্ৰ ৷ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলি পঞ্চায়তৰ, দীৰ্ঘা মাজগাঁৱৰ বাসিন্দা ৰূদ্ৰ শৰ্মা আৰু যোগমায়া দেৱীৰ বৰ পুত্ৰ কাঞ্চন শৰ্মা নামৰ যুৱকগৰাকী 4 বছৰ পূৰ্বে ওলাই গৈছিল ঘৰৰ পৰা ৷ তাৰ পাচৰ পৰাই নিৰুদ্দিষ্ট হৈ আছে তেওঁলোকৰ পুত্ৰ কাঞ্চন শৰ্মা ৷
4 বছৰে নিৰুদ্দিষ্ট পুত্ৰক বিচাৰি হাহাকাৰ অসহায় পিতৃ-মাতৃৰ - অসহায় পিতৃ-মাতৃ
লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলি পঞ্চায়তৰ, দীৰ্ঘা মাজগাঁৱৰ বাসিন্দা ৰূদ্ৰ শৰ্মা আৰু যোগমায়া দেৱীৰ একমাত্ৰ পুত্ৰ কাঞ্চন শৰ্মা নামৰ যুৱকগৰাকী 4 বছৰ পূৰ্বে ওলাই গৈছিল ঘৰৰ পৰা ৷ তাৰ পাচৰ পৰাই নিৰুদ্দিষ্ট হৈ আছে যুৱকজন ৷
লখিমপুৰৰ মাধৱদেৱ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ আছিল কাঞ্চন শৰ্মা ৷ প্ৰথম ষান্মাসিকৰ মেধাৱী ছাত্ৰ কাঞ্চনে 2017 চনত হঠাতে কোনো কাৰণ নোহোৱাকৈয়ে ওলাই গৈছিল ঘৰৰ পৰা ৷ ইয়াৰ মাজতে দুবছৰ পূৰ্বে পৰিয়ালৰ লগত যোগাযোগ কৰি নিজকে গোৱাৰ এটা ব্যক্তিগত কোম্পানীত তেওঁ কৰ্মৰত হৈ আছে বুলি জানিবলৈ দিছিল যদিও, পুনৰ পৰিয়ালৰ সৈতে যোগাযোগ নোহোৱা হ'ল যুৱকগৰাকীৰ ৷ সম্প্ৰতি শংকিত হৈ পৰিছে যুৱকগৰাকীৰ অসহায় পিতৃ-মাতৃ ৷ যাৰ বাবে তেওঁলোকে সংবাদ মাধ্যমযোগে কৰযোগে সকলোকে অনুৰোধ জনালে তেওঁলোকৰ পুত্ৰক ঘুৰাই আনিবলৈ ৷ পুত্ৰৰ আগমনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থকা যুৱকগৰাকীৰ পিতৃ-মাতৃয়ে এতিয়া প্ৰতিদিনেই দুঃচিন্তাৰ মাজেৰে পাৰকৰিব লগা হৈছে সময় ৷
লগতে পঢ়ক:নৰেন্দ্ৰ মোডীৰ বয়সতকৈ পেট্ৰ’ল, ডিজেলৰ মূল্য বেছিঃ গণেশ কছাৰী