নাৰায়ণপুৰ, 19 জুনঃশুকুৰবাৰে বিয়লি নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মধুপুৰত সংঘটিত হয় এক অঘটন ৷ স্থানীয় দিলীপ ফুকন নামৰ এগৰাকী লোকৰ ঘৰৰ পুখুৰীত মেটেকা গুচাই থকা অৱস্থাত সলিল সমাধি ঘটে ধ্ৰুৱজ্যোতি দত্ত নামৰ এজন লোকৰ ৷ যুৱকজনে পুখুৰীত নামি মেটেকা গুচাই থকা অৱস্থাতে হঠাৎ নোহোৱা হয় ৷ পৰৱৰ্তী সময়ত দিলীপ ফুকনৰ ভাতৃ প্ৰদীপ ফুকনে এগৰাকী স্থানীয় লোকৰ সহযোগত পানীৰ তলৰ পৰা উদ্ধাৰ কৰে ধ্ৰুৱজ্যোতি দত্তৰ মৃতদেহ ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷
নাৰায়ণপুৰৰ মধুপুৰত যুৱকৰ সলিল সমাধি - পুখুৰীত মেটেকা গুচাই থকা অৱস্থাত সলিল সমাধি
নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মধুপুৰত শুকুৰবাৰে বিয়লি স্থানীয় দিলীপ ফুকন নামৰ এগৰাকী লোকৰ ঘৰৰ পুখুৰীত মেটেকা গুচাই থকা অৱস্থাত সলিল সমাধি ঘটে এগৰাকী যুৱকৰ ৷
a youth died by drown at pond in narayanpur