লখিমপুৰ, 7 মে’ : দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লখিমপুৰৰ এখন গাঁও । এই গাঁওখনত থকা গ্ৰাম্যানুভূতি নামৰ এক চৌহদে এতিয়া সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । এগৰাকী উদ্যোগী যুৱকে নিজ প্ৰচেষ্টাত অতীজৰ সেই গ্ৰাম্য সমাজৰ প্ৰতিচ্ছবি ধৰি ৰাখিবলৈ চেষ্টা কৰিছে ৷ যুৱকগৰাকীৰ সেই প্ৰচেষ্টাই মেলি দিছে গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰ দুৱাৰ (A village in Lakhimpur for the hope of tourism)।
দিকপল লাহন; গ্ৰাম্য পৰ্যটনৰ নতুন ধাৰা সৃষ্টিত মগ্ন লখিমপুৰৰ এইগৰাকী দিকপল লাহন । আধুনিকতাৰ ধামখুমীয়াৰ পৰা অতীত গ্ৰাম্য সমাজৰ প্ৰতিচ্ছবি ধৰি ৰাখি মেলিছে পৰ্যটন সম্ভাৱনীয়তাৰ দুৱাৰ । অতীজৰ অসমীয়া গ্ৰাম্য সমাজখনৰ কৃষি, মৎস্য চিকাৰ, বিনোদনকে ধৰি জীৱন নিৰ্বাহ প্ৰণালীত ব্যৱহৃত সা-সামগ্ৰীৰ প্ৰতি আকৃষ্ট লখিমপুৰৰ এজন যুৱক । চহা সমাজখনৰ সামগ্ৰীক পৰিৱেশ, সা-সম্পদৰ প্ৰতি বাৰুকৈয়ে আকৃষ্ট যুৱকৃজন ।
আধুনিক শিক্ষাৰে শিক্ষিত হৈয়ো তেওঁ পুৰণি অসমীয়া গ্ৰাম্য সমাজখনৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰিছিল । সেয়ে তেওঁ এপদ দুপদকৈ পুৰণি অসমীয়া সমাজৰ সা সামগ্ৰীসমূহ সংগ্ৰহ কৰি তেওঁৰ অতিথি কোঠাত সজাবলৈ ল’লে । সেয়াই আৰম্ভণি । তেওঁৰ এই ক্ষুদ্ৰ সংগ্ৰহালয় চাবলৈ ৰাইজৰ সোঁত ব’বলৈ ল’লে । যাৰ বাবে উৎসাহিত হৈ পৰিল যুৱকজন ।