বিহপুৰীয়া,10 ছেপ্তেম্বৰ:এগৰাকী বিশেষভাৱে সক্ষম মহিলা ৷ নাম স্বৰ্ণলতা শইকীয়া ৷ লখিমপুৰৰনাৰায়ণপুৰৰ ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ অধীনৰ ঠাকুৰদলনী গাঁৱৰ প্ৰয়াত ৰিষেশ্বৰ শইকীয়া আৰু কণমাই শইকীয়াৰ এইগৰাকী বিশেষভাৱে সক্ষম কন্যাই জীৱনৰ অধিকাংশ সময় পাৰ কৰিছে ভগা জুপুৰীত ৷ ককাক-নবৌৱেকৰ হাতত লাঞ্চিত-অৱহেলিত হৈ এনেদৰে ভগা জুপুৰিত চকুলো টুকি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে মহিলাগৰাকীয়ে । জীৱনৰ তাগিদাত লোকৰ ঘৰত কাম কৰিয়েই দুবেলা-দুমুঠি মোকোলাইছে মহিলাগৰাকীয়ে ৷
চৰকাৰী সাহায্য লাভৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম মহিলা - নাৰায়ণপুৰ
লখিমপুৰৰ নাৰায়ণপুৰৰ এগৰাকী বিশেষভাৱে সক্ষম মহিলা হৈছে স্বৰ্ণলতা শইকীয়া ৷ বিশেষভাৱে সক্ষম মহিলাগৰাকীয়ে অতি কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছে যদিও ইয়াৰ প্ৰতি সঁহাৰি নাই কোনো জন প্ৰতিনিধিৰ ৷
![চৰকাৰী সাহায্য লাভৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম মহিলা a tragic story of a women from bihpuria lakhimpur assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8752623-thumbnail-3x2-a.jpg)
সাহায্য লাভৰ পৰা বঞ্চিত মহিলা
সাহায্য লাভৰ পৰা বঞ্চিত মহিলা
কিন্তু মহিলাগৰাকীৰ এই দুৰ্দশাৰ প্ৰতি সঁহাৰি জনাবলৈ এইপৰ্যন্ত কোনো লোক আগবাঢ়ি অহা নাই ৷ আহৰি নাই জন প্ৰতিনিধিৰো ৷ ৰাজ্য চৰকাৰে বিশেষভাৱে সক্ষম লোকৰ বাবে সময়ে সময়ে বহু আঁচনি মুকলি কৰে যদিও মহিলাগৰাকীয়ে আজিলৈকে কোনো সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷