বিহপুৰীয়া, 18 জুলাই:লখিমপুৰৰ শিমলুগুৰিত টিউচন কৰিবলৈ যোৱা দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ ৷ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰঙতিত টিউচন কৰিবলৈ যোৱা দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ জাহ্নু দিহিঙীয়া নামৰ টিউচন শিক্ষকজনৰ ওপৰত ৷
ভুক্তভোগীৰ ভাষ্য অনুসৰি, শুকুৰবাৰে বিয়লি ছাত্ৰীগৰাকীয়ে লগৰ কেইগৰাকী মানৰ লগত একেলগে টিউচন কৰাৰ পাছত বিদ্যুৎ ব্যাহত হোৱাত শিক্ষক জাহ্নু দিহিঙীয়াই ছাত্ৰীগৰাকীক ৰুমৰ ভিতৰলৈ লৈ যায় তাৰ পাচত ৰুমৰ দুৱাৰ বন্ধ কৰি বলাৎকাৰ কৰে ৷ এই জঘন্য ঘটনাৰ বলি হোৱাৰ পাচতেই ছাত্ৰীগৰাকীয়ে ঘৰলৈ আহি সকলো কথা পৰিয়ালক অৱগত কৰাত পিতৃয়ে লগে-লগে শিমলুগুৰি আৰক্ষী চকীত জাহ্নু দিহিঙীয়া বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু পৰিতাপৰ কথা এই যে, এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰে ৷ ফলত পিতৃ-মাতৃ আৰু যুৱতীগৰাকী সহিতে স্থানীয় মহিলা আৰু নাৰী সংগঠনে আৰক্ষী চকীলৈ আহি আৰক্ষীক জবাবদিহি কৰে ৷