লখিমপুৰ,1 জুন:লাহে লাহে বাৰিষাৰ পথাৰত ব্যস্ততা বাঢ়িছে কৃষকৰ ৷ প্ৰস্তুতি চলিলে হাল বোৱা,কঠিয়া পৰাৰ । আপুনি,মই সকলোৱে জানো,বাৰিষা কৃষকক অতিকৈ প্ৰয়োজন এটা জাপিৰ। ৰ’দ,বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ জাপি প্ৰস্তুত কৰাত এতিয়া ব্যস্ত লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ আমগুৰীৰ একাংশ পৰিয়াল ৷ বিহুৰ পিছৰে পৰা খেতিত ব্যস্ত হোৱা পৰ্যন্ত এইসকল লোকে প্ৰস্তুত কৰে হাজাৰ হাজাৰ জাপি ।
জাপি প্ৰস্তুতকৰণত ব্যস্ত আমগুৰীবাসী - লক্ ডাউন
ৰাজ্যত ক্ৰমান্বয়ে সমাদৰ লাভ কৰিছে জাপিয়ে ৷ লখিমপুৰ জিলাৰ এখন গাঁৱত লক ডাউন নেওচি প্ৰস্তুত কৰা হৈছে হাজাৰ হাজাৰ জাপি ৷ লক ডাউনৰ ফলত লোকচানৰ সন্মুখীন হ’লেও এওঁলোকে এৰা নাই জাপি সজাৰ পৰম্পৰা ৷

জাপি প্ৰস্তুতকৰণত ব্যস্ত আমগুৰীবাসী
জাপি প্ৰস্তুতকৰণত ব্যস্ত আমগুৰীবাসী
প্ৰতিটো পৰিয়ালৰ ডেকা-বুঢ়া,জীয়ৰী-বোৱাৰী সকলো এইকেইটা দিনত ব্যস্ত ৷ কাৰণ জাপি বিক্ৰী কৰি লোকসকলে উপাৰ্জন কৰে নগদ ধন। কিন্তু এইবছৰ উদ্যোগটোত পৰিছে চেঁচাপানী । কাৰণ লক ডাউনৰ বাবে গ্ৰাহক নোহোৱাত ঘৰতে পৰি আছে হাজাৰ হাজাৰ জাপি ৷ লক ডাউনৰ ফলত লোকচানৰ সন্মুখীন হ’লেও এওঁলোকে এৰা নাই জাপি সজাৰ পৰম্পৰা ৷
লগতে চাওকঃকিশোৰীৰ মৃত্যুক লৈ তিতাবৰত চাঞ্চল্য
Last Updated : Jun 1, 2020, 8:06 PM IST