অসম

assam

By

Published : Apr 20, 2023, 8:23 AM IST

Updated : Apr 20, 2023, 8:33 AM IST

ETV Bharat / state

Poultry firm set on fire: লখিমপুৰত দুৰ্বৃত্তই জ্বলাই দিলে বৃহৎ কুকুৰাৰ ফাৰ্ম

লখিমপুৰ নগৰৰ উপকন্ঠ অঞ্চল বগলীজানত বুধবাৰে নিশা দুৰ্বৃত্তই জ্বলাই দিলে এখন কুকুৰাৰ ফাৰ্ম ৷ এই ঘটনাত ফাৰ্মৰ বহু কুকুৰা, আচবাব, ঘৰ জ্বলি ছাই হৈ পৰাৰ লগতে কেইবালাখ টকাৰ ক্ষতিসাধন হয় ৷ ৰাইজে এই ঘটনাত জৰিত দুৰ্বৃত্তক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছে (Poultry Farm Catches Fire In Lakhimpur) ৷

Poultry Farm Catches Fire In Lakhimpur
কুকুৰাৰ ফাৰ্মত দুৰ্বৃত্তৰ অগ্নিসংযোগ

দুৰ্বৃত্তই জ্বলাই দিলে বৃহৎ কুকুৰা ফাৰ্ম

লখিমপুৰ 20 এপ্ৰিল: লখিমপুৰৰ নগৰৰ গাতে লাগি থকা বগলীজানত দোভাগ নিশা দুৰ্বৃত্তৰ সন্ত্ৰাস ৷ লখিমপুৰ নগৰৰ উপকন্ঠ অঞ্চল বগলীজানত বুধবাৰে নিশা দুৰ্বৃত্তই জ্বলাই দিলে এখন কুকুৰাৰ ফাৰ্ম ৷ আন্ধাৰৰ সুযোগ লৈ নিশা জ্বলাই দিলে ফাৰ্মখন ৷ এই ঘটনাত ফাৰ্মৰ বহু কুকুৰা, আচবাব, ঘৰ জ্বলি ছাই হৈ পৰাৰ লগতে কেইবালাখ টকাৰ ক্ষতিসাধন হয় (Miscreants set ablaze poultry farm in Lakhimpur) ৷

এই অগ্নিকাণ্ডৰ ফলত বহু কুকুৰা, আচবাব, ঘৰ আদি জ্বলি ছাই হৈ যায় (Destroy Poultry Firm) ৷ উল্লেখ্য, স্বাৱলম্বীতাৰ নিদর্শন দাঙি ধৰি অঞ্চলটোৰ সূর্য বৰুৱা আৰু গোপাল কৃষ্ণ কাকতি নামৰ দুজন ব্যক্তিয়ে বিগত বৰ্ষৰ পৰা যৌথভাৱে চলাইছিল বহু হেজাৰ কুকুৰাৰ এই ফাৰ্মখন ৷ একেটা চৌহদতে দুটা বিশাল ঘৰ একোটাত তিনিহেজাৰোধিক কুকুৰা আছিল ৷ তাৰে এটা ঘৰত নিশা আঢ়ৈমান বজাত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ ফাৰ্মখনত থকা দুজন ৰখীয়া শুইথকাৰ সুযোগ লৈ দুৰ্বৃত্তই এই অপকর্ম কৰে ৷ ৰখীয়া দুজনে অগ্নিকাণ্ডৰ উমান পোৱালৈ ইতিমধ্যে এটা ঘৰ জ্বলি শেষ হৈ যায় (Destroy Poultry Firm in Lakhimpur) ৷

ঘৰৰ লগতে বহু কুকুৰা জীৱন্তে জ্বলি যায় এই অগ্নিকাণ্ডত ৷ কুকুৰাক আহাৰ-পানী দিয়া সামগ্ৰী, আচবাব আদি সকলো জাহ যায় ৷ লক্ষ্যনীয়, যোৱা নিশা ধুমুহা-বৰষুণৰ ফলত বিদ্যুৎ সংযোগ ব্যাহত হৈ আছিল অঞ্চলটোত ৷ আনহাতে ফাৰ্মখনত কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা নাছিল ৷ তেনে ক্ষেত্ৰত জুই, বিদ্যুৎ নথকাৰ মাজতে জ্বলি উঠিল ফাৰ্মখন ৷

আনহাতে অগ্নিকাণ্ডৰ খবৰ দিয়াৰ পাচতো অগ্নি নিৰ্বাপক বাহিনী নহাৰ অভিযোগ তোলে ফাৰ্মখনৰ গৰাকীয়ে ৷ অগ্নি নিৰ্বাপক বাহিনী নহাৰ বাবে তেওঁলোকে স্থানীয় লোকৰ সহায়ত বহু সময় ধৰি যুঁজি কোনোমতে জুই নুমুৱাবলৈ সক্ষম হয় ৷ কেইবালাখ টকাৰ ক্ষতি হোৱা এই ঘটনা সন্দৰ্ভত ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ উল্লেখ্য, এই অঞ্চলটোত কিছু দিনৰ পৰা এচাম দুৰ্বৃত্তই তাণ্ডবৰ সৃষ্টি কৰি আহিছে ৷ কেইদিনমানৰ পূৰ্বে এই ফাৰ্মখনৰ সমীপতে এটা পৰিয়ালৰ গৰালৰ পৰা দুৰ্বৃত্তই ছাগলী উলিয়াই লৈ গৈছিল ৷ অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি কেইবাবাৰো ঘটিছে ৷ লুণ্ঠন, চুৰি আদিৰ পাচত এইবাৰ ফাৰ্মত অগ্নিসংযোগ কৰিবলৈও দুৰ্বৃত্তই কুণ্ঠাবোধ কৰা নাই ৷

লগতে পঢ়ক:Dhemaji fire news: এগৰাকী বিধৱা মহিলাৰ ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ

Last Updated : Apr 20, 2023, 8:33 AM IST

ABOUT THE AUTHOR

...view details