অসম

assam

ETV Bharat / state

Deprived of govt benefits : উৱঁলি যোৱা ঘৰ এৰি আজিৰে পৰা বাঁহৰ ঘৰত থাকিব কেপ্টেইন মুণ্ডাই - চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা

চৰকাৰৰ হিতাধীকাৰী সৃষ্টি অথবা উন্নয়নৰ চকু চাত মৰা বিজ্ঞাপন নিতৌ প্ৰকাশ পাইছে । পিচে বাস্তৱ ক্ষেত্ৰত সকলোকে এনে বতাহে স্পৰ্শ কৰিব পৰা নাই । এতিয়াও উৱঁলি যোৱা পঁজাত বাস কৰিছে বহু দৰিদ্ৰ পৰিয়ালে । লখিমপুৰত চৰকাৰে নেদেখা তেনে এটা পৰিয়ালৰ ঘৰ সাজি দিলে লাচিত সেনাই ।

Deprived of govt benefits
চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা এটা পৰিয়াল

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:12 PM IST

ধনৰ অভাৱত পৰিয়াল এটাই আশ্ৰয় লৈছে জুপুৰীত

লখিমপুৰ, ৩ নৱেম্বৰ : চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা এটা পৰিয়াল ৷ আপুনি বা মোৰ কাহানিও কল্পনা কৰিব নোৱাৰা এটা অৱস্থাত বাস কৰে পৰিলটোৱে ৷ ঘৰৰ নামত পৰিয়ালটোৱে কেৱল ফটা বস্তা, ফটা-চিটা কাপোৰ আৰু উৱঁলি যোৱা এটা ঘৰত বাস কৰে ৷ এটা বাল ঘৰত থকাটো তেওঁলোকৰ বাবে সপোনৰো অগোচৰ ৷

আমি উল্লেখ কৰা এই পৰিয়ালটো আছে ধেমাজি লখিমপুৰ জিলা সীমামূৰীয়া অঞ্চল চাউলধোৱা বগীনদী গাঁও পঞ্চায়ত নিচেই কাষতে ৷ ধনৰ অভাৱত পৰিয়ালটোৱে আশ্ৰয় ল’ব লগা হৈছে এটা জুপুৰীত ৷ এই সাধাৰণ জুপুৰীটোতে পৰিয়ালটোৱে খোৱা-বোৱা, শোৱা সকলো কৰে ৷ অৱশেষত এই দৰিদ্ৰ পৰিয়ালটোৰ কাষত থিয় দিলে সমাজ সেৱক কমল কলিতা আৰু যুৱ ব্যৱসায়ী গুণীন গগৈ ৷

চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা এটা পৰিয়াল

আজিলৈকে কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই পৰিয়ালটোৰ দুখ সহ্য কৰিব নোৱাৰি সমাজ সেৱক কমল কলিতা যুৱ ব্যৱসায়ী গুণীন গগৈৰ সৈতে লগ হৈ বীৰ লাচিত সেনা চাউলধোৱা বগীনদী আঞ্চলিক সমিতিয়ে তেওঁলোকক এটি বাঁহৰ ঘৰ সাজি দিয়ে ৷

উৱঁলি যোৱা পঁজাত বাস কৰিছে বহু দৰিদ্ৰ পৰিয়ালে

যুৱ ব্যৱসায়ীগৰাকীৰ লগতে বীৰ লাচিত সেনা চাউলধোৱা বগীনদী আঞ্চলিক সমিতিৰ এই সহায়ৰ বাবে ধন্যবাদ জনায় পৰিয়ালটোৰ এটি সদস্য কেপ্টেইন মুণ্ডাই ৷ ইফালে যুৱ ব্যৱসায়ীগৰাকীৰ লগতে বীৰ লাচিত সেনা চাউলধোৱা বগীনদী আঞ্চলিক সমিতিৰ এই পদক্ষেপ শলাগ জনায় স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, চৰকাৰে দৰিদ্ৰজনৰ বাবে ঘোষণা কৰিছে বহু আঁচনি ৷ কিন্তু আঁচনিসমূহ কেৱল যেন ৰঙীন বিজ্ঞাপনৰ মাজতেই এতিয়া সীমাৱদ্ধ । কিয়নো বিভিন্ন সময়ত পোহৰলৈ অহা দৰিদ্ৰ জনতাৰ সমস্যাৰ দৃশ্যই তাকেই প্ৰতিফলিত কৰে। উদাহৰণ ধেমাজি লখিমপুৰ জিলা সীমামূৰীয়া অঞ্চল চাউলধোৱা বগীনদী গাঁও পঞ্চায়ত নিচেই কাষতেল থকা এই পৰিয়ালটো ৷ এই ভাষ্য স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক :Deprived of govt benefits: উৰুখা পঁজাৰ অকলশৰীয়া ব’হাগী আইতাৰ কৰুণ গাঁথা

ABOUT THE AUTHOR

...view details