অসম

assam

ETV Bharat / state

Bhupen Borah press meet: শীঘ্ৰেই প্ৰদেশ কংগ্ৰেছৰ সৈতে চামিল হ’ব এটা আঞ্চলিক ৰাজনৈতিক দল: ভূপেন বৰা - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

অতি কম দিনৰ ভিতৰতে প্ৰদেশ কংগ্ৰেছ সৈতে চামিল হ’ব ৰাজ্যৰ আন এটা ৰাজনৈতিক দল ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC president Bhupen Bora) ৷ জিঞ্জাৰ হোটেলৰ মালিকৰ পৰা বিজেপিয়ে টকা লৈ নিৰ্বাচন খেলে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

Bhupen Borah press meet
শীঘ্ৰেই প্ৰদেশ কংগ্ৰেছৰ সৈতে চামিল হ’ব এটা ৰাজনৈতিক দল: ভূপেন বৰা

By

Published : Mar 6, 2023, 10:32 PM IST

Updated : Mar 6, 2023, 10:48 PM IST

শীঘ্ৰেই প্ৰদেশ কংগ্ৰেছৰ সৈতে চামিল হ’ব এটা ৰাজনৈতিক দল: ভূপেন বৰা

বিহপুৰীয়া, 6 মাৰ্চ: শীঘ্ৰেই অসমৰ এটা ৰাজনৈতিক দল চামিল হ’ব কংগ্ৰেছৰ সৈতে আৰু আন এটা দলৰ সৈতে কথা-বতৰা চলি আছে ৷ এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (A political party to join congress) ৷ কেৱল সিমানেই নহয়, কংগ্ৰেছৰ পৰা যিসকল নেতা-কৰ্মী পূৰ্বে আঁতৰি গৈছিল সেইসকল নেতা-কৰ্মীও পুনৰ কংগ্ৰেছ দলে আদৰি ল’ব বুলিও মন্তব্য ভূপেন বৰাৰ ৷

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও যদি পুনৰ কংগ্ৰেছ দললৈ আহিব বিচাৰে তেন্তে সেই সম্পৰ্কেও দলে বিচাৰ-বিবেচনা কৰিব বুলি মন্তব্য ভূপেন বৰাৰ ৷ উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত এই সন্দৰ্ভত আলোচনা কৰি থকা হৈছে বুলি সদৰী কৰে ভূপেন বৰাই ৷ লগতে বিভিন্ন কাৰণত কংগ্ৰেছ দলৰ পৰা আঁতৰি থকা প্ৰাক্তন কংগ্ৰেছীসকলকো পুনৰ দললৈ ঘূৰি আহিবলৈ আহ্বান জনায় ভূপেন বৰাই ৷

বিহপুৰীয়াত ভূপেন বৰাই এই কথা সংবাদমেল সম্বোধন কৰি অৱগত কৰাৰ লগতে গৌতম আদানীক বিজেপি চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ কথা উল্লেখ কৰি 13 মাৰ্চত 10 হাজাৰ কংগ্ৰেছৰ নেতা-কৰ্মী লৈ ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপয়াণ কৰা হ’ব বুলি উল্লেখ কৰে ৷ SBI,LIC কো আদানীয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে ভূপেন বৰাই (Adani scam update) ৷

আনহাতে, এতিয়াৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া কেৱল প্ৰদেশ কংগ্ৰেছে পৰ্যবেক্ষণ কৰিব আৰু জিলা, ব্লক, মাণ্ডলিক আৰু বুথ পৰ্যায়ৰ হাতত অৰ্পণ কৰা হৈছে বুলি সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Assam Panchayat election 2023) ৷ ইফালে, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কোনো পৰিস্থিতিতে AIUDFৰ সৈতে মিত্ৰতা নহয় বুলি পুনৰ স্পষ্ট কৰি দিয়ে ভূপেন বৰাই ৷ AIUDFক বাদ দি আন বিৰোধী ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ বাবে কথা-বতৰা শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে ভূপেন বৰাই (Congress AIUDF Alliance) ৷

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈয়ো সৰৱ হয় ভূপেন বৰা ৷ এফালে কয়লাৰ ছিণ্ডিকেট, অবৈধভাৱে পাহাৰ খনন চলাই থাকি ৰাইজক দেখুৱাবলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাকো অমান্য কৰি উচ্ছেদ চলাই থকা বুলি অভিযোগ উত্থাপন কৰে ভূপেন বৰাই ৷ হোটেল জিঞ্জাৰৰ মালিকৰ পৰা টকা লৈ বিজেপিয়ে নিৰ্বাচন খেলে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ভূপেন বৰাই ৷ উল্লেখ্য যে, চৰকাৰে বৰ্তমানলৈকে উচ্ছেদ চলাবলৈ সক্ষম হোৱা নাই শিলসাঁকোৰ বিলাসী জিঞ্জাৰ হোটেল (Bhupen Bora slams BJP) ৷

লগতে পঢ়ক:Conrad Sangma to form govt: অনিশ্চয়তাৰ অৱসান; মেঘালয়ত পুনৰ হ’ব কনৰাড চাংমাৰ চৰকাৰ

Last Updated : Mar 6, 2023, 10:48 PM IST

ABOUT THE AUTHOR

...view details