অসম

assam

ETV Bharat / state

বহিঃৰাজ্যত অসমীয়া যুৱকৰ মৃত্যু, আহত পিতৃ

ওড়িশালৈ চাকৰি সন্ধানত যাওঁতে চলন্ত ৰে'লৰ পৰা পৰি মৃত্যুক আঁকোৱালি লৈছে লখিমপুৰৰ এজন যুৱক । দুৰ্ঘটনাটোত আহত যুৱকজনৰ পিতৃও ৷

By

Published : May 2, 2019, 12:39 AM IST

বহিৰাজ্যত মৃত্যুক সাৱটিলে অসমীয়াই

লখিমপুৰ, ১ মে': বহিঃৰাজ্যত চলন্ত ৰে'লৰ পৰা পৰি মৃত্যুক আঁকোৱালি লৈছে কৰ্মৰ সন্ধানত ওড়িশালৈ যোৱা লখিমপুৰৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দীৰ্ঘামাজ গাঁৱৰ কুশৰাম হাজৰিকা নামৰ যুৱকজন । আনহাতে, ওড়িশাৰ যচপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন ঠাইত কুশৰাম হাজৰিকাৰ পিতৃ দিলীপ হাজৰিকা (৪০) ক আহত অৱস্থাত উদ্ধাৰ কৰা হয় । গুৰুত্বৰভাবে আহত দিলীপ হাজৰিকা বৰ্তমানেও উড়িশাৰ চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ বুধবাৰে এই কথা যচপুৰ আৰক্ষী চকীৰ পৰা ফোনযোগে জানিব পাৰে পৰিয়ালক লোকে ।

উল্লেখ্য যে, এই দুগৰাকী পিতা - পুত্ৰই ওড়িশালৈ চাকৰিৰ সন্ধানত ৰে'লেৰে যাত্ৰা কৰিছিল ।

ABOUT THE AUTHOR

...view details