লখিমপুৰ, 22 জুলাই: বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিশত আমাৰ সমাজখন যিমানেই আগবাঢ়ি গৈছে, সিমানেই যেন পিছপৰি ৰৈছে একেখন সমাজৰে কোনো কোনো অঞ্চল ৷ ডিজিটেল ইণ্ডিয়াৰ সপোন দেখাৰ এইখন দেশতেই এতিয়া পিছপৰি ৰৈছে বহু জিলা ৷ ম’বাইলৰ এটা বুটাম টিপাৰ লগে লগে আপোনাৰ সন্মুখত থিয় হয় ওলা’, উবেৰ জাতীয় বিভিন্ন কোম্পানীৰ বাহন ৷ বৃহস্পতিবাৰে লখিমপুৰৰ ঘূণাসুঁতিত দেখা গ’ল এক হৃদয়স্পৰ্শী দৃশ্য ।
দুৰ্গম যাতায়াত ব্যৱস্থাৰ বাবে এগৰাকী প্ৰসূতিক হাত নাৱেৰে নদী পাৰ কৰাই তুলি লৈ যোৱা ঘোঁৰা গাড়ীত ৷ ঘোঁৰা গাড়ী, হাত নাৱেৰ সহায়ত যন্ত্ৰণা কাতৰ প্ৰসূতিগৰাকীক নিবলগীয়া হৈছে চিকিৎসালয়লৈ । যাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে ৰোগীৰ । পূৰ্বতেও ঘূণাসুঁতিত এনে ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে ৷
উল্লেখ্য যে, ৰোগী বা প্ৰসূতিক সোৱণশিৰি আৰু ঘাগৰ নদী পাৰ কৰি ফেৰীৰে নিবলগীয়া হয় লখিমপুৰলৈ ৷ পিছে বৃহস্পতিবাৰে এইগৰাকী প্ৰসূতি মহিলাক লৈ যোৱাৰ সময়তে মেচিন নাওখন নদীৰ মাজত বিকল হোৱাৰ ফলত বহু সময় ধৰি নদীতে আৱদ্ধ হৈ থাকিবলগীয়া হয় । উপায়ন্তৰ হৈ হাত নাৱেৰে প্ৰসূতিগৰাকীক লখিমপুৰ অসামৰিক চিকিৎসাললৈ অতি সংকটজনকভাৱে লৈ যোৱা হয় ।