ঢকুৱাখনা, ২৩ এপ্ৰিল : এক দৃষ্টিনন্দন পৰিৱেশ ৷ এজাক বাদুলি ওলমি আছে এডাল প্ৰকাণ্ড গছত ৷ এজোপা শিমলু গছতে নিৰপদে আশ্ৰয় গ্ৰহণ হাজাৰ হাজাৰ বাদুলিৰ (Bat preserve Family) ৷ বাটৰুৱাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া এই বাদুলিৰ জাকটো ৷ বাদুলিৰ চিঞৰে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ ।
হয়, আমি ক’বলৈ লোৱা এই বাদুলি ওলমি থকা গছডাল আছে ঢকুৱাখনাৰ বৰদৈৰ ন-পাম গাঁৱত (Bat preserve at Dhakuakhana) ৷ বৰদৈৰ ন-পাম গাঁৱৰ দুই ভাতৃ প্ৰবীণ বৰুৱা আৰু বুবুল বৰুৱাই প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন ৷ বিগত ২০ টা বছৰো অধিক কাল বাদুলি সংৰক্ষণ কৰি আহিছে ঢকুৱাখনাৰ এই দুই ভাতৃয়ে (Family who conserved bats for many years)।
ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ কাষৰ এজোপা শ বছৰীয়া পুৰণি শিমলু গছত অতি নিৰপদে আশ্ৰয় গ্ৰহণ কৰি আছে ৫ হাজাৰৰো অধিক এই বিৰল প্ৰজাতিৰ বাদুলিয়ে । দুই ভাতৃক সহযোগ কৰি আহিছে তেওঁলোকৰ পৰিয়ালৰ সদস্যই । বাদুলি সংৰক্ষণৰ বাবে সদা প্ৰস্তুত এই পৰিয়ালটোৰ সদস্যসকলে একাংশ দুস্কৃতিকাৰীৰ পৰাও বাদুলিৰ জাকটোক নিৰাপত্তা দি আহিছে ৷ একপ্ৰকাৰে প্ৰবীণ আৰু বুবুলৰ ঘৰৰ সদস্যৰ দৰেই হৈ পৰিছে এই হাজাৰ হাজাৰ বাদুলিৰ জাকটো ৷