অসম

assam

ETV Bharat / state

A Facebook post : আনন্দই আনিলে আনন্দ; এটা ফেচবুক পোষ্টে সকাহ দিলে লখিমপুৰবাসীক - Facebook post brought relief

এটা মাত্ৰ ফেচবুক পোষ্ট । লখিমপুৰৰ এক সমস্যা সমাধানৰ হকে জিলাৰ আৰক্ষী অধীক্ষকক দৃষ্টি গোচৰ কৰি লখিমপুৰৰ ৰাজা গগৈ নামৰ যুৱকজনে দিছিল পোষ্টটো । পোষ্টটো দিয়াৰ দুদিনৰ ভিতৰতে আৰক্ষী অধীক্ষকে ল’লে বিহীত ব্যৱস্থা ৷ যাৰ বাবে যুৱকজনে বাৰম্বাৰ প্ৰণাম জনাইছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ।

A Facebook post brought relief to the people of Lakhimpur
এক দীর্ঘদিনীয়া সমস্যাৰ সমাধান

By

Published : Aug 7, 2023, 9:45 AM IST

এক দীর্ঘদিনীয়া সমস্যাৰ সমাধান

লখিমপুৰ, ৭ আগষ্ট :লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বাৰম্বাৰ প্ৰণাম এগৰাকী যুৱকৰ । যুৱকজনৰ ফেচবুক পোষ্ট এটাৰ আঁত ধৰিয়েই আৰক্ষীয়ে ল’লে এক দীর্ঘদিনীয়া সমস্যাৰ সমাধানৰ ব্যৱস্থা । যাৰ বাবে লখিমপুৰৰ যুৱকজনে এতিয়া বাৰম্বাৰ প্ৰণাম জনাইছে জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক । অমি উল্লেখ কৰি থকা যুৱকজনৰ নাম ৰাজা গগৈ ৷

ৰাজা গগৈৰ এটা ফেচবুক পোষ্টৰ আঁত ধৰিয়েই আৰক্ষী অধীক্ষকগৰাকীয়ে জিলাখনৰ দশকৰ পাচত দশক ধৰি চলি অহা এক বিশৃংখল দূৰ কৰাৰ নিৰ্দেশ দিয়ে । আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ আৰক্ষীয়ে দুদিনৰ ভিতৰতে হাতে-কামে নামিপৰে আৰু ৰাইজে দীর্ঘদিনীয়া এক উশৃংখল পৰিৱেশৰ পৰা মুক্ত হৈ আৰক্ষীৰ লগতে ফেচবুক পোষ্ট দিয়া যুৱকজনকো ধন্যবাদ জ্ঞাপন কৰে ।

জানিব পৰা মতে, এই সমস্যাটো আছিল নগৰ এলেকাৰ নকাৰী ৰে’লৱে ক্ৰচিঙৰ বিশৃংখল অৱস্থাৰ । ৰে’ল অহাৰ সময়ত গেট বন্ধ হৈ পৰাৰ পাচত গেটৰ দুয়োদিশে যান-বাহনে সমগ্ৰ পথটো আগুৰি ধৰে । ফলত গেট খোলাৰ পাচত বহু সময় ধৰি ক্ৰচিংটোত চৰম বিশৃংখল পৰিৱেশ সৃষ্টি হয় ।

দীর্ঘদিনীয়া সমস্যাৰ সমাধান

দীর্ঘদিনীয়া এই সমস্যাটো দেখি লখিমপুৰৰ সমাজ সচেতন যুৱক ৰাজা গগৈয়ে যোৱা ৩০ জুলাইত ফেচবুকত এটা পোষ্ট দি ৰে’ল গেট বন্ধ হৈ থকাৰ সময়ত গেটৰ দুয়োদিশে যান-বাহনসমূহ এটা দিশে শাৰীপাতি ৰখোৱাৰ ব্যৱস্থা কৰিব পাৰি নেকি বুলি জিলাৰ আৰক্ষী অধীক্ষকক অনুৰোধ জনাইছিল । যদিও তেওঁৰ ফেচবুক পোষ্ট দি আৰক্ষী অধীক্ষকগৰাকীক এই অনুৰোধ জনাইছিল ৷ তথাপিও যে তেওঁ ইয়াৰ পৰা কিবা ফল লাভ কৰিব সেয়া নিশ্চিত নাছিল ।

কিন্তু আশ্চর্যজনক আৰু নজিৰবিহীনভাৱে ৰে’লৱে ক্ৰচিঙত যানবাহন শাখাৰ আৰক্ষী হাতে-কামে নামি পৰিল । যুৱকজনে ফেচবুক পোষ্টৰ জৰিয়তে আৰক্ষী অধীক্ষকক আহ্বান জনোৱাৰ দুদিনৰ পাচতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিলে । এতিয়া প্ৰতিখন ৰে’ল অহা-যোৱা কৰাৰ সময়ত আৰক্ষীয়ে ৰে’ল ক্ৰচিংটোত কৰ্তব্যত ব্যস্ত হৈ পৰে । যাৰ বাবে ৰাইজে শান্তিৰে ৰে’লপথচোৱা অতিক্ৰম কৰিব পাৰিছে ।

সকলোৱে যুৱকগৰাকীৰ আহ্বান আৰু তাৎক্ষণিকভাৱে সঁহাৰি জনোৱা আৰক্ষী অধীক্ষকগৰাকীক শলাগ লৈছে । ৰাজা গগৈয়ে এতিয়া তেওঁৰ ফেচবুক পোষ্টৰ প্ৰতি সঁহাৰি জনাই এক দীর্ঘদিনীয়া সমস্যা সমাধান কৰাৰ বাবে জিলাৰ আৰক্ষী অধীক্ষকজনক বাৰম্বাৰ প্ৰণাম জনাইছে ৷

লগতে পঢ়ক :AICC on Bhupen Borah: সভাপতি সলনি নহয়; ভূপেন বৰাৰ প্ৰতি কংগ্ৰেছৰ সম্পূর্ণ আস্থা আছে; জিতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details