বিহপুৰীয়া, 4 আগষ্ট :নাৰায়ণপুৰৰ এগৰাকী বোৱাৰী । নাম ৰিজুমণি শইকীয়া ফুকন । সৰুৰে পৰাই ৰিজুমনিৰ প্ৰিয় আছিল যোগাসন । সেয়ে বিবাহৰ পিছতো অব্যাহত ৰাখিছে এই চৰ্চা ।
এই চৰ্চাৰ বাবেই অলপতে যোগা ফেডাৰেচন অৱ ইণ্ডিয়া (Yoga Federation of India) ৰ সহযোগত অনুষ্ঠিত হোৱা ফেডাৰেচন কাপত অসমৰ একমাত্ৰ প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি ষষ্ঠ স্থান অধিকাৰেৰে এছিয়ান গেমছত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে মহিলা গৰাকীয়ে । ৰাজুমনিৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলটোৰ লোকসকল ।