লখিমপুৰ , 18 ডিচেম্বৰ :লখিমপুৰ চৰকাৰী উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰী(Lakhimpur Government Higher Secondary School) ৷ নাম মেৰী কাৰ্ডং ৷ এই যুৱতীগৰাকী বিশেষভাৱে সক্ষম হোৱাৰ পিছতো আন দহগৰাকী সক্ষম লোকৰ দৰেই জীৱন যুঁজত সফলতাৰে আগবাঢ়ি দেখুৱাইছে এক আদৰ্শ । বিশেষভাৱে সক্ষম হোৱাৰ পিছতো চতুৰ্থ ৰাষ্ট্ৰীয় পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপ 2021"(4th National Para Badminton Championship, 2021)ৰ বাবে বাচনি হৈ এই গৰাকী যুৱতীয়ে লখিমপুৰলৈ কঢ়িয়াই আনিছে গৌৰৱ ৷
শুকুৰবাৰে বিয়লি লখিমপুৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত সৰ্বাত্মক শিক্ষাৰ লখিমপুৰ খণ্ডৰ তৰফৰ পৰা খেলৰ জগতখনত লাভ কৰা সফলতাৰ বাবে মেৰী কাৰ্ডঙক শুভেচ্ছা প্ৰদান কৰা হয় ৷ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানটো আঁত ধৰে সমল ব্যক্তি পংকজ হাজৰিকাই ৷
ইয়াৰোপৰি উক্ত অনুষ্ঠানত উপষ্ঠিত থাকি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰৱক্তা মন্টু বুঢ়াগোহাঁই, জিলা শিক্ষক সন্মিলনীৰ সহ-সম্পাদক ৰূপম সোণোৱাল, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিনোদ মৰাঙকে ধৰি সকলোৱে একোখন ফুলাম গামোচাৰে খেলুৱৈ মেৰী কাৰ্ডঙক সম্বৰ্ধনা জনায় ৷