অসম

assam

লখিমপুৰ জিলাত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

By

Published : Jul 30, 2019, 11:47 AM IST

জিলাখনৰ নাৰায়ণপুৰৰ তামজুলিত নিশা হাতীয়ে ভাঙিলে বাসগৃহ । অৰুণাচলৰ পৰা নামি আহিছিল বন্যহস্তীৰ জাকটো ।

লখিমপুৰ জিলাত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

বিহপুৰীয়া, ৩০ জুলাই : লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত কমা নাই বন্যহস্তীৰ উপদ্ৰৱ । শনিবাৰে নিশা এটা হাতীৰ জাকে নাৰায়ণপুৰৰ তামজুলি অঞ্চলত উপদ্ৰৱ চলাই ধ্বংস কৰে বাবা দুৱৰা নামৰ এজন ব্যক্তিৰ বাসগৃহ । ঘটনা অনুসৰি বনৰীয়া হাতীৰ জাকটোৱে বাবা দুৱৰাৰ ঘৰ ধ্বংস কৰাৰ উপৰিও সকলো আচ-বাব ধ্বংস কৰাৰ লগতে ধান-চাউলকে আদি কৰি খাদ্য সামগ্ৰী খাই অনিষ্ট কৰে । সৌভাগ্যক্ৰমে সেই সময়ত তেঁওৰ পত্নী-সন্তান ঘৰত উপস্থিত নাছিল । অৱশেষত পুৱতি নিশালৈ গাঁৱৰ ৰাইজে হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয় ।

লখিমপুৰ জিলাত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details