অসম

assam

By

Published : Aug 13, 2023, 11:59 AM IST

ETV Bharat / state

77th Independence Day: লখিমপুৰত ৭৭ সংখ্যক স্বাধীনতা দিৱস প্ৰস্তুতি

দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে এতিয়া চৌদিশে ব্যাপক প্ৰস্তুতি । ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে লখিমপুৰতো এই দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে । লক্ষণীয়ভাৱে এইবাৰ পূৰ্বৰ তুলনাত খাদী গ্ৰামোদ্যোগ ভাণ্ডাৰত কমিছে খাদী পতাকাৰ বিক্ৰী ।

77th Independence Day
৭৭ সংখ্যক স্বাধীনতা দিৱস প্ৰস্তুতি

কমিছে খাদী পতাকাৰ বিক্ৰী

লখিমপুৰ, ১৩ আগষ্ট :লখিমপুৰত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি । কমিছে খাদী পতাকাৰ বিক্ৰী ৷ আৰু মাত্ৰ এদিনৰ পাচতে সমগ্ৰ দেশে উদযাপন কৰিব পৰাধীনতাৰ পৰা মুক্ত হোৱাৰ মহান স্বাধীনতা দিৱস । তাৰ বাবে চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি । দেশে স্বাধীনতা লাভ কৰাৰ ৭৭ সংখ্যক দিৱসটো উদযাপনৰ বাবে চৰকাৰী, বে-চৰকাৰীভাৱে প্ৰস্তুতি চলিছে ।

ৰাজ্যৰ ৰাজধানী নগৰী গুৱাহাটীত কেন্দ্ৰীয়ভাৱে এই দিৱস উদযাপনৰ প্ৰস্তুতি কৰাৰ সমানে বিভিন্ন জিলা, মহকুমা আদিতো চলিছে উৎসাহ ভৰা প্ৰস্তুতি । লখিমপুৰ জিলাতো এতিয়া জিলা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস টো উদযাপনৰ প্ৰস্তুতি চলিছে ।

নগৰৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জিলা প্ৰশাসনে এই দিৱস উদযাপনৰ প্ৰস্তুতি কৰিছে । লগতে প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থাসমূহো গ্ৰহণ কৰিছে । নিতৌ খেল পথাৰখন সুৰক্ষা বাহিনীয়ে পৰীক্ষা কৰাৰ লগতে চৌবিশ ঘন্টাই আৰক্ষীৰ চোকা পহৰাৰ মাজত ৰখা হৈছে । পুৱা-আবেলি আৰক্ষীৰ বিভিন্ন বিভাগ, ছাত্ৰ-ছাত্ৰী আদিয়ে স্বাধীনতা দিৱসৰ পেৰেদৰ অনুশীলন কৰি মুখৰিত কৰি ৰাখিছে ।

আনহাতে, নগৰখন ত্ৰিৰংগ পতাকাৰে ৰঙীণ হৈ পৰিছে । বিভিন্ন দোকানসমূহত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰা হৈছে । আনকি পতাকা বিক্ৰী দোকানত ক্ৰেতাৰো ভিৰ পৰিলক্ষিত হৈছে । স্বাধীনতা দিৱসৰ দুদিনমানৰ আগৰ পৰাই যান-বাহনসমূহত পতাকা উৰুৱা দেখিবলৈ পোৱা গৈছে । পিচে এইদৰে পতাকা বিক্ৰী হ’লেও খাদী পতাকাৰ বিক্ৰী সন্তোষজনক হোৱা নাই ।

লখিমপুৰ নগৰত থকা খাদী গ্ৰামোদ্যোগ ভাণ্ডাৰৰ পৰা জানিব পৰা মতে, বিগত বৰ্ষতকৈ এইবাৰ পতাকাৰ বিক্ৰী কম হৈছে । বিগত বৰ্ষত হৰ ঘৰ ত্ৰিৰংগা আচনিৰ বাবে অভুতপূৰ্বভাৱে পতাকাৰ বিক্ৰী হৈছিল । এইবাৰ তেনে আঁচনি নথকাৰ বাবে পতাকাৰ বিক্ৰী সন্তোষজনক হোৱা নাই ।

ইয়াৰোপৰি বজাৰত পলিষ্টাৰৰ পতাকা উভৈনদী হোৱাৰ বাবেও খাদী পতাকাৰ বিক্ৰী কমিছে বুলি কয় খাদী গ্ৰামোদ্যোগ ভাণ্ডাৰৰ পৰিচালকে । খাদী পতাকাতকৈ কম মূল্যতে পলিষ্টাৰৰ পতাকা পোৱা বাবে খাদী পতাকাৰ বিক্ৰী কম হোৱা বুলি তেওঁ অনুভৱ প্ৰকাশ কৰে ।

জিলাখনত এতিয়া প্ৰশাসনৰ লগতে বিভিন্ন বে-চৰকাৰী সংস্থা সমগঠনেও স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি কৰিছে । সকলোৱে এই নিৰ্দিষ্ট দিনটোত ত্ৰিৰংগাৰ তলত সমবেত হৈ ত্ৰিৰংগাক চালাম জনাই আকৌ এবাৰ ভাৰতীয় বুলি গৰ্ব কৰাৰ প্ৰস্তুতি কৰিছে ।

লগতে পঢ়ক :Constituency Delimitation 2023: চাবুৱা লাহোৱাল সমষ্টি পুনৰ গঠনক লৈ সুখী বিধায়ক পোনাকণ বৰুৱা

ABOUT THE AUTHOR

...view details