লখিমপুৰ, ২৮ মে’ :লখিমপুৰত নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ভৰি থোৱা আজি এসপ্তাহ পূৰ্ণ হ’ল (One week of IPS Anand Mishra in Lakhimpur)। এই এসপ্তাহত তেওঁ নকল সোণ, জাল নোটৰ বেহাৰ লগত জড়িত ৬২টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (62 accused arrested from Lakhimpur in a week) । তাৰোপৰি প্ৰায় ত্ৰিশ কিলোগ্রাম ওজনৰ নকল সোণৰ নাও, যিশুখ্ৰীষ্টৰ মূৰ্তিৰ লগতে এনে নাও অথবা মূৰ্তি প্ৰস্তুত কৰা বহু সঁজুলি আদিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আনন্দ মিশ্ৰ বাহিনীয়ে ।
জিলাখনৰ বঙালমৰা, দলহাট, লালুক, নাওবৈচা আদি এলেকাৰ পৰা এই অপৰাধীসকলক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । ইয়াৰে একাংশই আত্মসমর্পণ কৰাৰ বিপৰীতে আন একাংশক পোনপটীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, জিলাখনত নকল সোণ, জালনোটৰ বেহাৰ লগতে প্ৰৱঞ্চনাৰ অভিযোগত বিহপুৰীয়া থানাত ৯৬/২০২৩ নম্বৰৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি) /৪০৬/৪২০/৪৮৯(চি)/৪৮৯(ডি)/৩৪ ধাৰাত গোচৰ ৰুজু হৈ আছে ।
একেখন থানাতে ৯৪/২০২৩ নম্বৰত আৰু ১২০(বি)/৪০৬/৪২০/৪৮৯(এ)/৪৮৯(বি)/৪৮৯(চি)/৩৪ ধাৰাত আছে আন এটা গোচৰ । তেনেদৰে লালুক থানাতো ৯৭/২০২৩ নম্বৰত আৰু ৪৮৯(এ)/৪৮৯(চি)/৪২০/৪০৬/১৪/১৫ ধাৰাতো গোচৰ ৰুজু হৈ আছে । লখিমপুৰ সদৰ থানাত আছে ১৯২/২০২৩ নম্বৰৰ আৰু ১২০(বি)/৪৮৯(এ)/৪৮৯(চি) /৪২০/৪০৬ ধাৰাত আছে আন এটা গোচৰ । সম্প্ৰতি এই গোচৰসমূহৰ ভিত্তিতে ৬২ টা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।