লখিমপুৰ, ২৬ মে’ : সলনি হৈছে লখিমপুৰৰ পৰিৱেশ ৷ মাথোঁ এটা ধমক ৷ তাৰ পাচতে এতিয়া থৰ-কাছুটি হেৰুৱাইছে ক’লা সাম্ৰাজ্যৰ নায়কসকলে । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই লখিমপুৰৰ দায়িত্ব লোৱাৰ পাচতে এতিয়া জিলাখনৰ থানাই থানাই অপৰাধীৰ দলে আত্মসমর্পণ কৰা দেখিবলৈ পোৱা গৈছে । শুকুৰবাৰেও হাত দাঙিলে ক’লা সাম্ৰাজ্যৰ সৈতে জড়িত ৬ অভিযুক্তই (6 Gold Mafia Surrendered Lakhimpur) ৷
লখিমপুৰৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলাখনত যোগদান কৰিয়েই নকল সোণ, জাল নোট বেহাৰ লগত জড়িতসকলৰ প্ৰতি হুংকাৰ দিছিল । ‘‘এই ক’লা সাম্ৰাজ্যত জড়িতসকলে আত্মসমর্পণ কৰক, নহ’লে মই ধৰি আনিবলৈ গ’লে কথা বেয়া হ’ব ।’’ এনেদৰে ধমক দিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে । আৰক্ষী অধীক্ষকগৰাকীৰ এই ধমকতে এতিয়া থৰকা চুটি হেৰুৱাইছে ক’লা সাম্ৰাজ্যত জড়িতসকলে । আত্মসমর্পণ কৰি প্ৰাণৰক্ষাৰ বাবে থানাই থানাই ভিৰ কৰিছেহি অপৰাধীসকলে (Smugglers of fake gold)।
লগতে পঢ়ক :Smugglers of fake gold:লখিমপুৰত থানাই থানাই নকল সোণ, জালনোটৰ ব্যৱসায়ীৰ ভিৰ