অসম

assam

ETV Bharat / state

নকল সোণ ক্ৰয় কৰি দলহাট আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ৪ যুৱক - 4 man arrested

ৰাজ্যত অব্যাহত আছে নকল সোণৰ অবৈধ বেহা । দেওবাৰে লখিমপুৰৰ নাওবৈচাত নকল সোণ ক্ৰয় কৰিবলৈ আহি আটক হ'ল পশ্চিমবংগৰ চাৰিজন যুৱক । নাওবৈচাৰ মহঘূলিৰ এজন ব্যৱসায়ীয়ে সোণ ক্ৰয় কৰিবলৈ মাতিছিল যুৱককেইজনক ।

Nowboicha fake Gold case
নকল সোণ ক্ৰয় কৰি দলহাট আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ৪ যুৱক

By

Published : Aug 31, 2021, 6:42 PM IST

নাওবৈচা, ২৯ আগষ্ট: লখিমপুৰ আৰক্ষীয়ে নকল সোণৰ অবৈধ ব্যৱসায়ৰে জড়িত মাষ্টাৰ মাইণ্ড আবু ছহীদ ওৰফে লম্বু ছহীদক গ্ৰেপ্তাৰ কৰাৰ পাছতো এই বেহা বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । শেহতীয়াকৈ নকল সোণৰ বেহাৰে জড়িত বহু ঘটনা পোহৰলৈ আহিছে । নকল সোণৰ ব্যৱসায়ীৰ জালত পৰিছে বহিঃৰাজ্যৰ বহু লোক । দেওবাৰেও নাওবৈচাত এনে এক ঘটনা সংঘটিত হয় ।

নকল সোণ ক্ৰয় কৰি দলহাট আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ৪ যুৱক

দেওবাৰে এই নকল সোণ ব্যৱসায় চক্ৰৰ প্ৰবঞ্চনাৰ জালত পৰা পশ্চিমবংগৰ চাৰিজন যুৱকক লখিমপুৰৰ দলহাট আৰক্ষীয়ে আটক কৰে । দলহাট আৰক্ষী চকীৰ অন্তৰ্গত ৰাজআলিতে আটাইকেইজনক আৰক্ষীয়ে কৰায়ত্ত কৰে । পশ্চিমবংগৰ কালিদাহ জিলাৰ বিষ্ণুপুৰৰ ইনতাহজুল শেখ, মহাসেন শেখ, ছাৰজুল ইছলাম আৰু ছাদ্দাম হুছেইন নামৰ চাৰিজন যুৱক আৰক্ষীৰ জালত পৰে । দলহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ তৎপৰতাত যুৱককেইজনক কৰায়ত্ত কৰা হয় ।

আৰক্ষীয়ে কেৱল সোধা-পোছৰ বাবে আটাইকে আটক কৰে । উল্লেখ্য যে, ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ৰাজআলিৰ সমীপত দেওবাৰে পুৱা ১০.৩০ মান বজাত চাৰিওজন যুৱক সন্দেহজনক অৱস্থাত ঘূৰি থকা প্ৰত্যক্ষ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই আৰু তেওঁলোকৰ সন্দেহ ওপজে । সংগঠনটোৰ সদস্যসকলে যুৱককেইজনক সোধা-পোছ কৰাত নাওবৈচাৰ মহঘূলিৰ ৰাজিবুল নামৰ নকল সোণ ব্যৱসায়ীজনে তেওঁলোকক ফোনযোগে যোগাযোগ কৰি নকল সোণৰ নাও দিব বুলি কথা দিছিল আৰু তেওঁলোকক নাওবৈচালৈ মাতিছিল ।

সেই অনুসৰি, যুৱককেইজনে দেওবাৰে নকল সোণৰ নাও নিবলৈ নাওবৈচাত উপস্থিত হয় । কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যকেইজনে দলহাট আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ যুৱক কেইজনক আটক কৰে । কিন্তু নকল সোণৰ ব্যৱসায়ীজনে পলায়ন কৰিবলৈ সক্ষম হয় । ইতিমধ্যে দলহাট আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ীজনৰ সন্ধানত নামি পৰিছে ।

লগতে পঢ়ক: বিজয় অগ্নি শিখা লৈ গোৱালপাৰাত উপস্থিত সেনা জোৱানৰ দল

ABOUT THE AUTHOR

...view details