অসম

assam

ETV Bharat / state

তিনি হাজাৰ গড় হত্যাকাৰীয়ে যোগদান কৰিব বিজেপিত ! - বিজেপিত যোগদানৰ বাবে আগ্ৰহী ৩ হাজাৰ গড় চিকাৰী

বিজেপিত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ ৩ হাজাৰ গড় চিকাৰীৰ ৷ এই বিস্ফোৰক স্বীকাৰোক্তি বাবুল দাস নামৰ এজন গড় চিকাৰীৰ ৷

3000 rhino poachers are interested to join BJP
বিজেপিত যোগদানৰ বাবে আগ্ৰহী ৩ হাজাৰ গড় চিকাৰী

By

Published : Sep 6, 2020, 1:53 PM IST

নাৰায়নপুৰ, 6 ছেপ্তেম্বৰঃ বিজেপিত যোগদানৰ বাবে আগ্ৰহী ৰাজ্যৰ প্ৰায় ৩ হাজাৰ গড় চিকাৰী ৷ এই বিস্ফোৰক স্বীকাৰোক্তি ১০ মাহ কাৰাবাস খাটি ওলাই অহা বাবুল দাস নামৰ এজন গড় চিকাৰীৰ ৷ 2019 চনৰ 25 নৱেম্বৰত গড় চিকাৰৰ ঘটনাত ধৰা পৰি প্ৰায় 10 মাহ গোলাঘাট কাৰাগাৰত কাৰাবাস খাটিবলগীয়া হয় ৪০ বৰ্ষীয় চোৰাং চিকাৰীজনে ৷ চিকাৰীজনে জনোৱা অনুসৰি ৰাজ্যৰ প্ৰায় ৩০০০ গড় চিকাৰী মূল সুঁতিলৈ উভতি আহি চৰকাৰৰ বাবে কাম কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে ৷ আনহাতে, এশিঙিয়া গড়ৰৰ সুৰক্ষাৰ বাবেও কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বাবুল দাসে ৷

বিজেপিত যোগদানৰ বাবে আগ্ৰহী ৩ হাজাৰ গড় চিকাৰী

ABOUT THE AUTHOR

...view details