লখিমপুৰ,১৮ মাৰ্চ :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগই এতিয়া সমগ্র ৰাজ্য তোলপাৰ লগাই আছে (Assam HSLC question paper leak)। আৰক্ষী আৰু চিআইডিৰ তৎপৰতাত এই কাণ্ডৰ অভিকেন্দ্ৰ লখিমপুৰ বুলি চিনাক্ত হোৱাৰ লগতে তিনিগৰাকী শিক্ষকক এই কাৰ্যত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰিছে ।
ইতিমধ্যে চিআইডিৰ জিম্মাত থকা তিনিওগৰাকী কলংকিত শিক্ষকক জিলা শিক্ষা বিষয়াই নিলম্বনৰ নিৰ্দেশ দিছে । শিক্ষা বিষয়াৰ নিৰ্দেশৰ পাছতে প্ৰশ্নকাকত ফাদিল কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৩ শিক্ষকক নিলম্বন কৰা হৈছে (Teacher suspended in question paper leak case)। শিক্ষকৰ দৰে পবিত্র বৃত্তিক জুৱাৰ বজাৰলৈ পৰিণত কৰিবলৈ চেষ্টা কৰা আৰু ইতিমধ্যে চিআইডিৰ জিম্মাত থকা প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে নিলম্বনৰ নিৰ্দেশ দিছে ।
প্ৰশ্নকাকত ফাদিল কাণ্ডৰ অভিযুক্ত লুইত খাবলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা পৰীক্ষা কেন্দ্রৰ তত্বাৱধায়ক প্ৰণৱ দত্ত, ডফলা কটা হাইস্কুলৰ দুই শিক্ষক প্ৰসন্ন দাস আৰু কুমুদ ৰাজখোৱাক জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে নিলম্বনৰ নিৰ্দেশ দিছে । উল্লেখ্য যে কেৱল নিলম্বনেই নহয় পৰৱৰ্তী সময়ত তদন্তৰ পাছত তেওঁলোক দোষী সাব্যস্ত হ'লে তেওঁলোকে চাকৰি হেৰুৱাবলগীয়া হ'ব পাৰে বুলিও কৈছে বিদ্যালয়সমূহৰ পৰিদৰ্শকে ৷
বিদ্যালয়সমূহৰ পৰিদৰ্শকে জনোৱা মতে এতিয়াৰে পৰা এনে পৰীক্ষাত অধিক সতৰ্কতা অৱলম্বন কৰা হ'ব । কাকত অনা নিয়া প্ৰক্ৰিয়াত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ লোকক নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ'ব বুলি তেওঁ কয় ।