লখিমপুৰ, 28 ছেপ্টেম্বৰঃ শাৰদীয় পূজাৰ বতৰত এতিয়া ব্যস্ততা চাৰিওফালে। দুৰ্গতি নাশিনী দেৱী দূৰ্গাক আদৰিবলৈ ব্যস্ততা সৰ্বত্ৰে । লখিমপুৰৰ তিনি ভগ্নীও এতিয়া ব্যস্ত মৃন্ময় মূৰ্তি নিৰ্মাণ কাৰ্যত। লখিমপুৰৰ বিহপুৰীয়াৰ তিনি গৰাকীৰ ভগ্নীৰ হাতৰ পৰশত প্ৰাণ পাইছে দেৱী দূর্গাৰ মৃন্ময় মূৰ্তিয়ে। শিল্প কৰ্মৰে জ্যেষ্ঠ ভাতৃৰে মিলি চলাইছে ঘৰ। পূজালৈ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে দেৱী দূৰ্গাৰ 17 খনকৈ মৃন্ময় মূৰ্তি ।
পিতৃৰ কৰ্মৰাজিৰে উপাৰ্জন পথ বিচাৰি তিনি ভগ্নী! - নাৰায়ণপুৰ
নৈৰ পাৰৰ শুভ্ৰ কহুৱা,তল সৰা শেৱালিৰ সুবাসত ধৰালৈ নামিছে শৰৎ ৷ শৰৎ মানেই যেন পূজাৰ বতৰ। শাৰদীয় দুৰ্গোৎৱলৈ মাজত মাত্ৰ এটা সপ্তাহ । ব্যস্ততা বাঢ়িছে মৃৎ শিল্পৰ লগত জড়িত লোকসকলৰ ।
পিতৃৰ কৰ্মৰাজিৰে উপাৰ্জন পথ বিচাৰি তিনি ভগ্নী!
সংগীতা,সাধনা,অঞ্জনা পালে নামৰ এই তিনি গৰাকী ভগ্নীয়ে প্ৰস্তুত কৰি তোলা মা দূৰ্গাৰ মূৰ্তি পূজা কৰা হ'ব বিহপুৰীয়া নাৰায়ণপুৰকে আদি কৰি বিভিন্ন স্থানৰ পূজা মণ্ডপত । পিতৃৰ কৰ্মৰাজিক নিজৰ উপাৰ্জনৰ পথ কৰি লৈ তিনি ভগ্নী এতিয়া বিহপুৰীয়াবাসীৰ বাবে হৈ পৰিছে আদৰ্শ ।