অসম

assam

By

Published : Jul 1, 2021, 1:55 PM IST

ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল লখিমপুৰৰ জয়লক্ষী-ধন্টি

সফলতাৰ শিখৰত এখোজ-দুখোজকৈ আগবাঢ়িছে লখিমপুৰৰ জয়লক্ষী পায়েং । অসম বুক অৱ ৰেৰ্কডত নাম অন্তৰ্ভুক্ত হোৱাৰ এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা যোগাসন প্ৰদৰ্শন কৰি জয়লক্ষী পায়েঙে লাভ কৰিছে প্ৰথম পুৰস্কাৰ । মুম্বাইৰ "আৰ্ট অৱ লাৰনিং" নামৰ অনুষ্ঠানটোৱে আয়োজন কৰা এই প্ৰতিযোগিতাত জয়লক্ষীয়ে প্ৰথম স্থান দখল কৰাৰ লগতে তেওঁৰ ছাত্ৰী ধন্টি শইকীয়াই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।

2 students from Lakhimpur gets award in National level Yoga competition
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল লখিমপুৰৰ জয়লক্ষী-ধন্টি

লখিমপুৰ, ১ জুলাই: যোগৰ বিভিন্ন কঠিন আসন প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলি উঠিছে লখিমপুৰৰ কিশোৰ-কিশোৰী । মাথোঁ কেইদিনমানৰ পূৰ্বে অসম বুক অৱ ৰেৰ্কডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা লখিমপুৰৰ জয়লক্ষী পায়েঙে মুম্বাইৰ "আৰ্ট অৱ লাৰনিং" নামৰ অনুষ্ঠানটোৱে আয়োজন কৰা প্ৰতিযোগিতাত অংশ লৈ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । মহাকাশচাৰী কল্পনা চাওলা আৰু তেওঁৰ পিতৃ বনাৰসী লাল চাওলা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজকর্মী বীৰাগ মধুমালতীৰ সোঁৱৰণত মুম্বাইৰ "আৰ্ট অৱ লাৰনিং" নামৰ অনুষ্ঠানটোৱে অনলাইনযোগে আয়োজন কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল লখিমপুৰৰ ৫ গৰাকী কিশোৰ-কিশোৰীয়ে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল লখিমপুৰৰ জয়লক্ষী-ধন্টি

প্ৰতিযোগিতাৰ ১৬ ৰ পৰা ৩০ বছৰ বয়সৰ শাখাত অংশ লয় আটাইকেইগৰাকীয়ে । এই প্ৰতিযোগিতাত জয়লক্ষী পায়েঙে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় আৰু তেওঁৰ ছাত্ৰী ধন্টি শইকীয়াই তৃতীয় স্থান লাভ কৰে । ইয়াৰ উপৰিও প্ৰতিযোগিতাত অংশ লোৱা বন্দিতা নাথ, গীতাঞ্জলি নাথ আৰু নীহাৰিকা নাথক একোটাকৈ ট্ৰফী আৰু প্ৰতিযোগিতা অংশগ্ৰহণ কৰা বাবে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । উল্লেখ্য যে, এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰা জয়লক্ষী পায়েঙে কেইদিনমান পূৰ্বে আন এক যোগ প্ৰতিযোগিতাত অংশ লৈ ২৫ মিনিট ধৰি একেটা আসন প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাৰ বাবে তেওঁৰ নাম অসম বুক অৱ ৰেৰ্কডত অন্তর্ভুক্ত হয় ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল লখিমপুৰৰ জয়লক্ষী-ধন্টি

এতিয়া পুনৰ তেওঁৰ সৈতে জিলাখনৰ চাৰি গৰাকী কিশোৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

কিশোৰ-কিশোৰীকেইগৰাকীৰ এই সাফল্যক লৈ লখিমপুৰবাসী আনন্দিত হৈ পৰিছে । যি সময়ত নৱ প্ৰজন্মৰ একাংশই নিচা জাতীয় সামগ্রী, মোবাইল প্ৰীতিকে ধৰি সস্তীয়া ৰুচিৰ পাছত দৌৰিব ধৰিছে অথবা এনে আসক্তিৰ বাবে অকালতে বহুতৰ জীৱন ধ্বংস হৈছে, তেনে সময়ত লখিমপুৰৰ জয়লক্ষী, ধন্টিহঁতে এনেদৰে প্ৰতিভা বিকাশ কৰি প্ৰেৰণাৰ উৎস হৈ পৰিছে । যোগৰ জৰিয়তে বিশ্ব দৰবাৰলৈ যোৱাৰ হেঁপাহেৰে আগুৱাই যোৱা এই সকল প্ৰতিভাৱান কিশোৰ-কিশোৰীয়ে এখন সুস্থ সমাজ গঢ় দিবলৈও নিৰলস প্ৰচেষ্টা কৰিবলৈ মন বান্ধিছে ।


লগতে পঢ়ক:জনীয়াত পথৰ ওপৰতে ভূঁই ৰুই কৃষকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details