অসম

assam

Gramin Dak Sevak Sangh: গ্ৰামীণ ডাক সেৱক সন্থাৰ সমস্যা সমাধান নকৰিলে আন্দোলনৰ হুংকাৰ

By

Published : May 6, 2023, 4:07 PM IST

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰত অনুষ্ঠিত হৈছে অল ইণ্ডিয়া গ্ৰামীণ ডাক সেৱক সন্থাৰ অসম আৰু নৰ্থ ইষ্ট চাৰ্কোলৰ ১২ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশন (All India Gramin Dak Sevak Sangha )। এই অধিৱেশনস্থলীৰ পৰাই সন্থাৰ বিষষববীয়া সকলে আগষ্ট মাহৰ ভিতৰত গ্ৰামীণ ডাক সেৱক সন্থাৰ সমস্যাসমূহ সমাধান নকৰিলে গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ দিয়ে ।

All India Gramin Dak Sevak Sangha
গ্ৰামীণ ডাক সেৱক সন্থাৰ অধিৱেশন

গ্ৰামীণ ডাক সেৱক সন্থাৰ অধিৱেশন

লখিমপুৰ, ৬ মে’: আগষ্ট মাহৰ পাচত তিনি লক্ষাধিক গ্ৰামীণ ডাক সেৱকে কঁপাব ৰাজপথ । লখিমপুৰত অনুষ্ঠিত অসম আৰু নৰ্থ ইষ্ট চাৰ্কোলৰ অধিৱেশনৰ পৰা হুংকাৰ কৰ্মচাৰীৰ । দীর্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ লগতে ডাক বিভাগক বহু অনুনয় বিনয় কৰাৰ পাচতো গ্ৰামীণ ডাক সেৱকসকলৰ সমস্যা সমাধান নহ’ল (All India Gramin Dak Sevak Sangha)।

আঠ ঘন্টা কাম কৰাৰ বিনিময়ত উপযুক্ত দৰমহা, পেন্সন, মেডিকেলৰ সুবিধা আদি একোৱেই প্ৰদান কৰা নহ’ল গ্ৰামীণ ডাক কৰ্মচাৰীসকলক । অহা আগষ্ট মাহৰ ভিতৰত এই সমস্যাসমূহ সমাধান নকৰিলে তিনি লাখ সাত হাজাৰ গ্ৰামীণ ডাক সেৱকে ৰাজপথ কঁপাই আন্দোলন কৰিব । শনিবাৰে লখিমপুৰৰ অধিৱেশনৰ পৰা এই সকীয়নি দিয়ে গ্ৰামীণ ডাক সেৱক সন্থাই কেন্দ্ৰীয় চৰকাৰক ।

লগতে পঢ়ক :Prabeen Das slams Pabitra Margherita: পবিত্ৰ মাৰ্ঘেৰিটাক তুলাধুনা ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক প্ৰবীন দাসৰ

লখিমপুৰত শনিবাৰৰ পৰা আৰম্ভ হোৱা অসম আৰু নৰ্থ ইষ্ট চাৰ্কোলৰ গ্ৰামীণ ডাক সেৱক সন্থাৰ অধিৱেশন থলীৰ পৰা সন্থাৰ বিষয়ববীয়াই এনেদৰে কেন্দ্ৰীয় চৰকাৰলৈ সকীয়নি প্ৰদান কৰে (circle working committee meeting) ।

লগতে পঢ়ক :MLA Akhil Gogoi slams BJP: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন অসমৰ ইতিহাসত আটাইতকৈ বেছি ধাৰ লোৱা চৰকাৰ : অখিল গগৈ

লখিমপুৰ নগৰৰ শশী ফুকন পথৰ উৎসৱ বিবাহ ভৱনত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম আৰু নৰ্থ ইষ্ট চাৰ্কোলৰ গ্ৰামীণ ডাক সেৱক সন্থাৰ ১২ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে শনিবাৰে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, কাৰ্যকৰী সমিতিৰ বৈঠক, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হয় । এই অধিৱেশনৰ দ্বিতীয় দিনা শোভাযাত্ৰা, মুকলি সভা আদি অনুষ্ঠিত হ’ব (All India gramin dak sevaks union) । কাৰ্যসূচী সমূহত ডাক বিভাগৰ শীর্ষ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :Manipur Violence update: ক্ৰমাৎ নিয়ন্ত্ৰণলৈ মণিপুৰৰ পৰিস্থিতি; শান্তি শৃংখলা বৰ্তাই ৰখাৰ আহ্বান সেনাৰ

ABOUT THE AUTHOR

...view details