অসম

assam

ETV Bharat / state

লখিমপুৰত জলজীৱন মিছনৰ ১২ টাকৈ পানী যোগান আঁচনিৰ শুভাৰম্ভ

"অহা 23 ছেপ্টেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসমৰ 5000 জলমিত্ৰক যোগদান পত্ৰ দিয়া হ’ব ৷ তাৰোপৰি জলমিত্ৰসকলৰ বাবে টুলকিট, পোছাকৰ লগতে কাম কৰাৰ সুবিধা হোৱাকৈ সকলোবোৰ সামগ্ৰী যোগান ধৰা হ’ব (12 water supply schemes inaugurated in Lakhimpur) ৷

By

Published : Sep 2, 2022, 7:35 PM IST

12 water supply schemes of Jaljivan Mission inaugurated in Lakhimpur
12 water supply schemes of Jaljivan Mission inaugurated in Lakhimpur

নাওবৈচা, 2 ছেপ্টেম্বৰ: "ইতিমধ্যে জলজীৱন মিছনৰ (Jal jivan Mission )অধীনত 5000 টা আঁচনিৰ কাম সম্পন্ন হৈছে ৷ অহা 23 ছেপ্টেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসমৰ 5000 জলমিত্ৰক যোগদান পত্ৰ দিয়া হ’ব ৷ তাৰোপৰি তেওঁলোকক টুলকিট, পোছাকৰ লগতে কাম কৰাৰ সুবিধা হোৱাকৈ সকলোবোৰ সামগ্ৰী যোগান ধৰা হ’ব ৷ আমি ইতিমধ্যে জলমিত্ৰসকলৰ বাবে 10 দিনৰ প্ৰশিক্ষণৰ দিয়াৰ সকলো ব্যৱস্থা হাতত লোৱা হৈছে ৷ প্ৰতি দুই বছৰৰ মূৰে মূৰে জলমিত্ৰসকলে ৰীফ্ৰেছাৰ কৰ্চো কৰি থাকিব পাৰিব ৷ তেওঁলোকৰ দক্ষতা বৰ্তাই ৰাখিবলৈ আমি তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছো ৷" লখিমপুৰৰ নাওবৈচাত জলজীৱন মিচনৰ ১২ টাকৈ পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰি এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister jayant malla Boruah) ৷

লখিমপুৰত জলজীৱন মিছনৰ ১২ টাকৈ পানী যোগান আঁচনিৰ শুভাৰম্ভ

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে জলজীৱন মিছনৰ অধীনত লখিমপুৰ জিলাখনৰ বিভিন্ন অঞ্চলত নিৰ্মাণ কৰা ১২ টাকৈ পানীযোগান আঁচনিৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (12 water supply schemes inaugurated in Lakhimpur) ৷ নাওবৈচাৰ ডিজু পঞ্চায়ত এলেকাৰ ১১২ নং গ্ৰান্টত নিৰ্মাণ কৰা প্ৰকল্পস্থলীৰ পৰাই মুঠ ১২ টা আঁচনি নিৰ্মাণ কৰা হয় (water supply schemes of Jal jivan Mission) ৷

আঁচনিসমূহৰ শুভাৰম্ভ অনুষ্ঠানৰ লগত সংগতি ৰাখি নাওবৈচাৰ ডিজুৰ ১১২ নং গ্ৰান্ট আঁচনিস্থলীত অনুষ্ঠিত হোৱা এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰাইজৰ বাবে উচৰ্গা কৰে বুলি ভাষণ প্ৰদান কৰে ৷ মন্ত্ৰীগৰাকীয়ে নাওবৈচাৰ ১১২ নং এফচি গ্ৰাণ্ট,আমগুৰি,চাবতি পদূমণী,বছাগাঁও,কিমিন বজাৰ,২ নং সৰিয়হবাৰী(খ),সৰিয়হবাৰী, ২নং সৰিয়হবাৰী,পথালীপাম,ধৰ্মপুৰ ব্লক, ১নং পাঁচনৈ বেংগলী আৰু চৌখাম পানীযোগান আঁচনি একেলগে মুকলি কৰে ।

মন্ত্ৰীগৰাকীয়ে আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ লগতে তত্বাৱধানৰ ক্ষেত্ৰতো আগভাগ লবলৈ আহ্বান জনায় ৷ এই বিশেষ অনুষ্ঠানত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱান,লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাকে ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ পূৰ্বে AMCHত স্বাস্থ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details