লখিমপুৰ, ৭ আগষ্ট:লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালৰ শনিবাৰে প্ৰতিষ্ঠাৰ এশ দিন উদযাপন কৰা হয়(100 days of Lakhimpur Cancer Care Hospital)। চলিত বৰ্ষৰ ২৮ এপ্রিলত ৰাজ্যৰ আন কেইখনমান হাস্পতালৰ সৈতে লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালৰ ভাৰ্চুৱেলি উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
উদ্বোধনৰ পাছৰে পৰা বিশ্বমানৰ এখন চিকিৎসালয়লৈ উন্নত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালখনত এই পৰ্যন্ত ১৪ শ ৰোগীক পৰীক্ষা কৰা হৈছে বুলি চিকিৎসকে সদৰি কৰিছে । তদুপৰি সাতশ ৰোগীক ৰেডিয়েছন দিয়াকে ধৰি আন বহু ৰোগীক আনুসংগিক সেৱা প্ৰদান কৰা হয় ।শনিবাৰে বিয়লি হাস্পতালখনৰ এশ দিন উপলক্ষে আয়োজন কৰা অনুষ্ঠানত কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অসমৰ মুৰব্বী ডাঃ দ্বীপজ্যোতি দাস, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অনুপ দাস, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জগদীশ গোস্বামী, উপায়ুক্ত সুমিত সাত্তাৱান আদিয়ে অংশগ্রহণ কৰে ।