কোকৰাঝাৰ, 1 জুলাই: দেশ তথা ৰাজ্যত দিনক দিনে মহিলা ওপৰত হৈ থকা আক্ৰমণ আৰু নিৰ্যাতনৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কোকৰাঝাৰবাসীৰ মাজত । মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত বিপিএফ মহিলা সমিতি আৰু কোকৰাঝাৰ শিশু কল্যাণ পৰিষদে যৌথ ভাবে আয়োজিত এখন সংবাদমেলত জিলা প্ৰশাসন লগতে বিটিচি প্ৰশাসনে এই বিষয়টোৰ ওপৰত কোনো ধৰণ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ।
চি ডব্লিউ চি তথা শিশু কল্যাণ পৰিষদৰ অধ্যক্ষা মালতী ৰাণী নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ল'ক্ ডাউনৰ সময় চোৱাত কোকৰাঝাৰ জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে নাৰী নিৰ্যাতন, শিশু নিৰ্যাতন আৰু ধৰ্ষণৰ অপচেষ্টা আদি ঘটনাবোৰ ৷ কিন্তু জিলা প্ৰশাসনে আজিও দোষিক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ সক্ষম হোৱা নাই ।