অসম

assam

ETV Bharat / state

গোসাঁইগাৱঁত মহিলা সন্ধানহীন ; চিন্তিত পৰিয়াল - গোসাঁইগাৱঁত মহিলা সন্ধানহীন

কোনো সদাশয় ব্যক্তিয়ে মহিলা গৰিকীৰ কিবা সন্ধান লাভ কৰিলে 7896183421, 8133000672, 8638466845 নম্বৰত যোগাযোগ কৰিবলৈ দূৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে ৷

গোসাঁইগাৱঁত মহিলা সন্ধানহীন

By

Published : Oct 29, 2019, 8:24 PM IST

গোসাঁইগাঁও, 29 অক্টোবৰ: ২৮ অক্টোৱৰৰ পুৱা প্ৰায় ৯ বজাৰ পৰা কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ সদৰ চহৰৰ নিৱাসী তথা গোসাঁইগাওঁ মহাবিদ্যালয়ৰ কৰ্মচাৰী জেউতি ডেকা মেধি (৪৬) নামৰ মহিলা গৰাকী সন্ধানহীন হৈ আছে ৷ মহিলাগৰাকী সন্ধানহীন হোৱা বাতৰিয়ে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গোসাঁইগাওঁ কলেজৰোড নিৱাসী প্ৰদীপ মেধিৰ পত্নী জেউতি ডেকা মেধি যোৱা ২৮ অক্টোৱৰৰ পুৱা ঘৰৰ পৰা গোসাঁইগাওঁ চাৰিআলি কালি মন্দিৰলৈ বুলি ওলাই গৈছিল ৷ পৰিয়ালৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিন ধৰি মহিলা গৰাকী বৃক্ক আৰু হৃদ ৰোগত আক্ৰান্ত হৈ মানসিক ভাৱে হতাশাত ভুগি আছিল ৷ হাঁহিমুখীয়া মহিলা গৰাকী সোমবাৰে ঘৰৰ পৰা ওলাই অহাৰে পৰা নিৰুদ্দেশ হৈ আছে ৷

গোসাঁইগাৱঁত মহিলা সন্ধানহীন

পৰিয়ালৰ লোকে ম'বাইল ফোনত যোগাযোগ কৰে যদিও ম'বাইলৰ চুইছ বন্ধ হৈ আছে ৷ তাৰ পিছৰ পৰা এই পৰ্যন্ত মহিলা গৰাকীৰ কোনো সুং-সুত্ৰ লাভ কৰা নাই পৰিয়ালে ৷ কোনো সদাশয় ব্যক্তিয়ে যদি মহিলা গৰিকীৰ কিবা সন্ধান লাভ কৰে তেন্তে 7896183421, 8133000672, 8638466845 নম্বৰত যোগাযোগ কৰিবলৈ দূৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে ৷

আৰু পঢ়ক: হঠাৎ অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ICUত ভৰ্তি

ABOUT THE AUTHOR

...view details