অসম

assam

ETV Bharat / state

কোকৰাঝাৰত চিকিৎসকৰ হেমাহিত কৰুণ মৃত্যু মহিলাৰ - woman died for doctor's negligence

চিকিৎসকৰ হেমাহিয়েই কাল হ'ল এগৰাকী দুৰ্ভগীয়া মহিলাৰ ৷ আঢ়ৈ মহীয়া কেঁচুৱা এৰি মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া মহিলাগৰাকীয়ে ৷

কোকৰাঝাৰত চিকিৎসকৰ হেমাহিত কৰুণ মৃত্যু মহিলাৰ

By

Published : Apr 20, 2019, 12:02 AM IST

কোকৰাঝাৰ, 19 এপ্ৰিল : স্বাস্থ্য বিভাগৰ চৰম হেমাহিৰ পৰিণতিত কোকৰাঝাৰত কৰুণ মৃত্যুক সাৱটিলে আঢ়ৈ মহীয়া কেঁচুৱাৰ মাতৃয়ে ৷ কোকৰাঝাৰৰ আৰ.এন. বি. চিভিল হাস্পতালত বিগত 25 জানুৱাৰীত কন্যা সন্তানৰ জন্ম দিছিল দক্ষিণ শিঙিমাৰী গাঁৱৰ প্ৰদীপ স্বৰ্গীয়াৰীৰ পত্নী হাথৰসী মুছাহাৰীয়ে ৷ কিন্তু অস্ত্ৰোপচাৰৰ জৰিয়তে হোৱা প্ৰসৱৰ আঢ়ৈমাহৰ পাচত মহিলাগৰাকীয়ে পেটৰ বিষ অনুভৱ কৰাত পৰিয়ালৰ লোকে বিগত 17 এপ্ৰিলত মহিলাগৰাকীক পুনৰাই ভৰ্তি কৰোৱাই হাস্পতালখনত ৷

কোকৰাঝাৰত চিকিৎসকৰ হেমাহিত কৰুণ মৃত্যু মহিলাৰ

মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱাৰ পাচতেই পৰিয়ালৰ লোকক কোনো খবৰ নিদিয়াকৈ 18 এপ্ৰিলত মহিলাগৰাকীক অস্ত্ৰোপচাৰ কৰে হাস্পতালৰ খনৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ড. আৰ. এল. আমিনে ৷ কিন্তু অস্ত্ৰোপচাৰৰ পাচতেই মহিলাগৰাকীৰ পেটৰ বিষ আৰু ৰক্তপাত হোৱাত পৰিয়ালৰ লোক অৱগত হয় এই অস্ত্ৰোপচাৰৰ বিষয়ে ৷ উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক বঙাইগাঁৱলৈ লৈ যোৱা হয় যদিও আদবাটতে মৃত্যুক সাৱটে দুৰ্ভগীয়া মহিলাগৰাকীয়ে ৷ এই ঘটনাৰ পাচতে পৰিয়ালৰ লোকে হাস্পতালখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে কোকৰাঝাৰ আৰক্ষী চকীত ৷ আৰক্ষীয়ে ইতিমধ্যেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰি আৰম্ভ কৰিছে নিজ তদন্ত ৷

ABOUT THE AUTHOR

...view details