কোকৰাঝাৰ,1 জুন: কোকৰাঝাৰ জিলাৰ শক্তিআশ্ৰম স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ পৰেশ চন্দ্ৰ ৰায়ে সোমবাৰে বিনাবেতনে অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে । উল্লেখ্য যে, 19 বছৰ পূৰ্বেই অৰ্থাৎ 2002 চনতে শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষকৰ চাকৰি এৰি স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ড৹ পৰেশ চন্দ্ৰ ৰায়ে ৷
শক্তিআশ্ৰম অঞ্চলত উচ্চ শিক্ষানুষ্ঠান গঢ় দিয়াৰ স্বাৰ্থতে বিষয় শিক্ষকৰ পদ এৰি অধ্যক্ষৰ দায়িত্ব লোৱা ড৹ পৰেশ চন্দ্ৰ ৰায়ৰ দিনতে স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণ (Provincialization) হ'ল যদিও নতুন শিক্ষানীতিৰ নিয়মাৱলীৰ বাবে অধ্যক্ষ হিচাপে ড৹ পৰেশ চন্দ্ৰ ৰায়ৰ পদ প্ৰাদেশীকৰণ (Provincialization) নোহোৱাত অতি দূৰ্ভাগ্যজনক ভাৱে তেওঁ বিনাবেতনে অৱসৰ ল’বলগীয়া হয় । কাৰিকৰী অসুবিধাজনিত কাৰণৰ বাবেই বিনা বেতনে অৱসৰ লোৱা ড৹ পৰেশ চন্দ্ৰ ৰায়ক সোমবাৰে তেওঁক আনুষ্ঠানিক ভাবে বিদায় জনোৱা হয় ৷