কোকৰাঝাৰ, 30 আগষ্ট :একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগত আজিও একাংশ ব্যক্তি অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই (Witch hunting in Assam)। পুনৰ ডাইনীৰ সন্দেহত এগৰাকী মহিলাক আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে এইখন অসম মুলুকত । এইবাৰ ঘটনাৰ স্থান গোসাইগাঁও মহকুমাৰ শৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত মজাতি গাঁও (Witch Hunting in Kokrajhar) ৷
তথ্য অনুসৰি, সোমবাৰে নিশা মজাতি গাঁৱৰ নিবাসী নিলকমল ৰাভা নামৰ এগৰাকী পুৰোহিতে একেখন গাঁৱৰে এটা দম্পত্তিক তেওঁৰ আশ্ৰমলৈ মাতি আনে ৷ তাৰ পাচত ডাইনী বুলি অপবাদ দিয়ে মহিলাগৰাকীক ৷ কেৱল অপবাদ দিয়াই নহয়, অভিযুক্ত পুৰোহিতজনে ডাইনী বুলি উপুৰ্যপৰি আক্ৰমণ কৰে ভুক্তভোগী দম্পত্তিটোক ৷
আনকি ডাইনীৰ সন্দেহত অভিযুক্ত পুৰোহিতজনে ভুক্তভোগী মহিলাগৰাকীক মাৰ-ধৰ কৰিবলৈ গতাই দিয়ে গঞা ৰাইজক ৷ তাৰ পাচতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ ইফালে পৰিস্থিতি অধিক বিষম দেখি ভুক্তভোগী মহিলাগৰাকীৰ ককায়েকে ঘটনা সন্দৰ্ভত খবৰ দিয়ে শৰাইবিল আৰক্ষীক ৷