অসম

assam

ETV Bharat / state

Winter Session of BTC Assembly: তীব্ৰ বাক-বিতণ্ডাৰে উত্তাল প্ৰথম দিনাৰ সদন - বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো

দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিআৰৰ শীতকালিন অধিবেশন । সদনত বিগত ২০০৮ -২০১৩ চনলৈ সকলো হত্যাকাণ্ডৰ চিবিআইৰ তদন্তৰ দাবী বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৷ পূৰ্বৰ চৰকাৰত ডব্লিউ পিটি বিভাগৰ চি ডি ফাণ্ড আৰু পি ডব্লিউ ডি বিভাগত দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ক্ৰমে ইয়াৰ চিবিআই আৰু চিআইডি তদন্তৰ দাবী উত্থাপন কৰে প্ৰমোদ বড়োৱে ৷

Winter Session of BTC Assembly
তীব্ৰ বাক-বিতণ্ডাৰে উত্তাল প্ৰথম দিনাৰ সদন

By

Published : Nov 17, 2021, 8:38 PM IST

কোকৰাঝাৰ ১৭ নৱেম্বৰ :বিটিআৰ বিধান পৰিষদ ভৱনত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিআৰৰ শীতকালিন অধিবেশন । বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বুধবাৰৰ সদনত উপস্থিত থাকি বিৰোধীৰ সবল ভূমিকা পালন কৰিব বুলি চৰ্চা হৈছিল যদিও অৱশেষত পুনৰবাৰৰ বাবে সদনত উপস্থিত থকাৰ পৰা বিৰত থাকিল হাগ্ৰামা মহিলাৰী ।

অৱশ্যে ইয়াৰ পৰিৱৰ্তে বিৰোধী দলপতি হিচাপে বিপিএফৰ নিৰ্বাচিত পাৰিষদ দেৰহাছাৎ বসুমতাৰী, দনেশ্বৰ গয়াৰী আৰু পানীৰাম ব্ৰহ্মই সদনত যথেষ্ট সৰব ভূমিকা পালন কৰে । বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী অনুপস্থিত থাকে যদিও বিটিচিৰ শীতকালিন অধিবেশনত বিৰোধী দল বিপিএফৰ সৰহ সংখ্যক নিৰ্বাচিত সদস্যই অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ক লৈ সদনৰ মজিয়া উত্তাল কৰি তোলে ।

উল্লেখ্য যে, বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰথম দিনাৰ বিটিআৰ অধিবেশনত প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনে কেইবাখনো বিধেয়ক উত্থাপন কৰে । পৰিষদীয় চৰকাৰে সদনত বড়োলেণ্ড চিকিৎসা বিধেয়ক, বডোলেণ্ড লিগেল মেট্ৰোলোজী বিধেয়ক, বড়োলেণ্ড চেণ্ট্ৰেল চিলেকচন বিধেয়ক, বড়োলেণ্ড বজাৰ আৰু দোকান বিধেয়ক, বন আৰু বন্যপ্ৰাণী ৰিভলভিং ফাণ্ড বিধেয়ক উত্থাপন কৰে যদিও কাইলৈহে বিধেয়ক কেইখন গৃহীত হোৱাৰ সম্ভাৱনা আছে ।

তীব্ৰ বাক-বিতণ্ডাৰে উত্তাল প্ৰথম দিনাৰ সদন

ইপিনে প্ৰশ্নকালীন শিতানত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সদনৰ মজিয়াত বিটিআৰত বিগত ২০০৮ চনৰ পৰা ২০১৩ চনলৈ অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ হাতত নিহত হোৱা সাংবাদিক, প্ৰৱক্তা, ব্যৱসায়ী আদিকে ধৰি হত্যাৰ বলি হোৱা সকলো লোকক সাঙুৰি প্ৰকৃত সত্য উদঘাটন কৰিবলৈ চিবিআইৰ তদন্তৰ দাবী উত্থাপন কৰিছে ৷ পূৰ্বতে সংঘটিত হোৱা হত্যাকাণ্ডবোৰে অঞ্চলটোৰ জাতি-জনগোষ্ঠীৰ মাজত মিলা-প্ৰীতি আৰু সংহতি বিনষ্ট কৰি তুলি ভুল বুজাবুজিৰ সৃষ্টি কৰিছিল ৷ গতিকে দুৰ্ভগীয়া পৰিয়ালসমুহে ন্যায় পোৱাৰ স্বাৰ্থত চিবিআই তদন্তৰ প্ৰয়োজন বুলি মন্তব্য প্ৰকাশ কৰে বড়োৱে ।

উক্ত কালছোৱাত সংঘটিত হোৱা সকলো হত্যাকাণ্ডৰ তালিকা চৰকাৰৰ হাতত মজুত থকাৰ কথাও জানিবলৈ দিয়ে প্ৰমোদ বড়োৱে । তদুপৰি পূৰ্বৰ চৰকাৰৰ কালত ডব্লিউ পিটি বিভাগৰ চি ডি ফাণ্ড আৰু পি ডব্লিউ ডি বিভাগত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ক্ৰমে ইয়াৰ চিবিআই আৰু চিআইডিৰ তদন্তৰ দাবী উত্থাপন কৰে প্ৰমোদ বড়োৱে ৷

আনহাতে, বিৰোধী শিৱিৰৰ দলপতি তথা বিপিএফৰ ছালাকাটি পৰিষদীয় সমষ্টিৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰী, দনেশ্বৰ গয়াৰী আৰু পানীৰাম ব্ৰহ্মই সদনৰ মজিয়াত বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে শাসকীয় পক্ষক । প্ৰমোদ বড়ো চৰকাৰে পূৰ্বৰ বিপিএফ চৰকাৰৰ অকল দুৰ্নীতি-অনিয়ম হে দেখা পায়, কিন্তু আজিলৈকে এটাও প্ৰমাণ কৰিব নোৱাৰিলে বুলি মন্তব্য কৰি প্ৰকৃততে বিপিএফ চৰকাৰেহে ৰাইজক সুশাসন দিছিল বুলি মন্তব্য কৰে দেৰহাছাৎ বসুমতাৰীয়ে ।

লগতে পঢ়ক:বুক নুক কেফেৰ কিতাপৰ আড্ডাত বিশিষ্ট সাহিত্যিক প্ৰভাত বৰা

ABOUT THE AUTHOR

...view details