অসম

assam

বি টি আৰ দখল কৰাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Oct 15, 2020, 7:26 PM IST

দিনে নিশাই বিটিআৰৰ বিভিন্ন প্ৰান্তলৈ সোঁত বৈছে হাই প্ৰফাইল বিজেপি নেতাৰ ৷ সহযোগী দল বিপি এফক লেং মাৰি অকলেই বিটি আৰত নিৰ্বাচন খেলিব বিজেপিয়ে ৷ কাৰণ ৰাজনীতিত সকলো সম্ভৱ৷ সেইবুলি বিপি এফ দল শংকিত হোৱা নাই ৷ তেওঁলোকৰ মতে যিমান চেষ্টা কৰিলেও সফল নহয় বিজেপি দল ৷ বিপি এফেই চৰকাৰ গঠন কৰিব ৷

বি টি আৰ কোনে দখল কৰিব গাদী ?
বি টি আৰ কোনে দখল কৰিব গাদী ?

কোকৰাঝাৰ,১৫ অক্টোবৰ : এফালে বিটি আৰবাসী ৰাইজ আৰু আনফালে বিপি এফ,বিজেপি,ইউ পি পি এল আৰু কংগ্ৰেছ দল ৷ ৰাইজে ভোট দিব কাক ? কাক এৰিব কাক ধৰিব ? সমস্যাটো সিমানতেই শেষ হোৱা নাই ৷ সমস্যা গম্ভীৰ বিটি আৰৰ নিৰ্বাচনক লৈ ৷ আগন্তুক বিটিআৰৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে সকলো ৰাজনৈতিক দল ৷ এইবাৰ পূৰ্বৰ দৰে নহয়,সলনি হৈছে বিটিআৰৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ কাৰণ কাৰ্বি আংলং আৰু ডিমা হাচাওৰ পিচত এইবাৰ বিজেপিৰ চকু বিটি আৰত ৷ বিজেপিয়ে অকলেই দখল কৰাৰ চেষ্টা চলাব বিটিআৰ৷

বি টি আৰ দখল কৰাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

দিনে নিশাই বিটিআৰৰ বিভিন্ন প্ৰান্তলৈ সোঁত বৈছে হাই প্ৰফাইল বিজেপি নেতাৰ ৷ সহযোগী দল বিপি এফক লেং মাৰি অকলেই বিটি আৰত নিৰ্বাচন খেলিব বিজেপিয়ে ৷ কাৰণ ৰাজনীতিত সকলো সম্ভৱ ৷ সেইবুলি বিপি এফ দল শংকিত হোৱা নাই ৷ তেওঁলোকৰ মতে যিমান চেষ্টা কৰিলেও সফল নহয় বিজেপি দল৷ বিপি এফেই চৰকাৰ গঠন কৰিব ৷

বিটি আৰত পৰিৱৰ্তন লাগে ৷ বিগত 17 টা বছৰে বি পি এফে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰহে কৰিলে ৷ উন্নয়নৰ নামত একোৱেই নকৰিলে ৷ বড়োভূমিত এতিয়া ক্ষমতা দখলৰ যুঁজ ৷ নৱ গঠিত ইউ পি পি এল দলে এইবাৰ বিটি আৰত চৰকাৰ গঠন কৰিব এইয়া তেওঁলোকৰ দাবী ৷ হাজাৰ নেতা আহি বড়ো ভূমিত মিটিং কৰিলেও ৰাইজে ইউ পি পি এলৰ নেতৃত্বতেই চৰকাৰ গঠন কৰাটো নিশ্চিত ৷ এই কথা দলটোৰ সভাপতি প্ৰমোদ বড়োৰ ৷

নিৰ্বাচনলৈ মাজত দুটা মান দিন থকা অৱস্থাত বিজেপি দলে বিটি আৰত অনুষ্ঠিত কৰিছে এছ টি মৰ্চাৰ সভা ৷ যোনে যেনেকৈ পাৰে বিটি আৰ দখল কৰাৰ বাবে উঠি পৰি লাগিছে ৷ বিপি এফক লগত লৈ চৰকাৰ গঠন কৰা বিজেপিয়ে লেং মৰা ৰাজনীতিৰে বিটি আৰত সফল হয়নে নহয় সেয়া সময়তহে গম পোৱা যাব কাৰণ ইউ পি পি এলৰ প্ৰতিও ৰাইজৰ সহাঁৰি যোগাত্মক দেখিবলৈ পোৱা গৈছে ৷ উল্লেখ্য যে ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বিটি আৰত ৷

আৰু পঢ়কঃ ডিজিপি কাৰ্যালয়ত উপস্থিত পলাতক সঞ্জিত কৃষ্ণ

ABOUT THE AUTHOR

...view details